সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৩)

পঠিয়াই সদাগৰনীক মাতি মুখ জবান লোৱাত অনেক শপথ খাই আসৈ কাঢ়িলে। এই তিনটা কথা লৈ ৰাজচ’ৰাত কেইবা দিনো মেল পাতি অনেক পণ্ডিতেও মীমাংসা কৰিব নোৱাৰিলে। পিচত ৰজাই ইয়াৰ সত্য ঘটনা বাহিৰ কৰি দিব পৰা জনলৈ পাঁচ হেজাৰ টকা পুৰস্কাৰৰ ঘোষণা কৰিলে। চোৰহঁতে এই খবৰ পাই মৰণত শৰণ দি সমুদাই কথা ভাঙি কলে— ৰজাই সিহঁতক সঁচা কথা কোৱাৰ বাবে সন্তুষ্ট হৈ দিব খোজা পাঁচ হেজাৰ টকা দি পঠালে। চোৰহঁতে বৰ ধুমধাম কৰি বাপেকৰ কৰম কৰিলে।

পিতৃ-মাতৃ বাক্য লঙ্ঘন নকৰিলে আৰু সঁচা কথা
কলে যেনে তেনে উপকাৰ হয়।


দুই ফাঁকিদাৰ বন্ধু

 দিন ধনাই নামে এটা মানুহে এটেকেলি মিঠৈ বেছিবলৈ এখন বজাৰলৈ লৈ গৈছিল। আন এখন গাৱঁৰ মনাই নামে এটা ধূৰ্ত্ত মানুহেও এসেৰ লোণৰ এটা টোপোলা বান্ধি সেই