শ্ৰাদ্ধফেৰা খুব ভাল দৰে কৰিবি। ধন ঘৰত নাই, চুৰকৰি আনিবি। কিন্তু মোৰ তিনটা কথা মনত ৰাখিবি! (১) যাৰ খাবি তাৰ চুৰ নকৰিবি। (২) যাক সেৱা কৰিবি তাৰ চুৰ নকৰিবি। (৩) অতি কৃপণৰ চুৰ নকৰিবি”। এই কথা কৈ চোৰে প্ৰাণ এৰিলে। শ্ৰাদ্ধৰ দিন চমু চাপিল। ধনৰ একো উপায় কৰিব পৰা নাই। পুতেকহঁতে আলোচনা কৰি চুৰ কৰাটোকে থিক কৰিলে। এদিন গধূলি ঘৰৰ পৰা বাহিৰ হৈ চুৰ কৰিবলৈ গল। সিহঁতে খবৰ পাইছিল যে, এজন সদাগৰে নাৱেৰে বেপাৰ কৰি বহুত ধন বিত লৈ ঘৰ পাইছেহি। সেই বাবে তেওঁৰ ঘৰতে চোৰ কৰাটো ঠিক কৰি এটা গৈ ভিতৰ সোমাল। সদাগৰে শুই থকা অৱস্থাতে ঘৈণীয়েকক সুধিছে “বাপুমাক মই দি যোৱা, আধলিটোৰ কিমান আছে”?ঘৈণীয়েকে কলে “শেষ হল”। সদাগৰে বৰ খঙ্গেৰে কলে “কি ছমাহতেই তই এটাকৈ পকা আধলি খৰচ কৰিলি। এই দৰে মই কিমান ধন ঘটিম! লৰাও মুঠে এটা”। তেতিয়া চোৰে খাটৰ ওচৰতে থিয় হৈ আছিল। সদাগৰৰ এই কথা শুনি মনে মনে ভাবিলে ই অতি কৃপণ এতেকে পিতৃ বাক্য মতে ইয়াত চুৰ কৰিব নোৱাৰি। কিন্তু পেটে পেটে বৰ খঙ উঠাত সদাগৰৰ গালত ঠাচকৈ চৰ এটামাৰি ওলাই আহিল। সদাগৰে ভাবিলে ঘৈণীয়েকেহে তেওঁক চৰটো মাৰিলে। দুয়োৰো ঘোৰ কাজিয়া হল। ঘৈণীয়েকে নানা শপত খোৱাটো নামানিলে। পুৱাই
পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৪৬
অৱয়ব