সি উত্তৰ দিলে “ৰণুৱা কেলেই, এইবাৰ আমি অষ্টমীৰ বলি আৰু তোমাৰ বোৱাৰী ৰাজৰাণী।” মাক পুতেক দুয়ো ডিঙিত ধৰাধৰি কৰি কান্দিলে। ৰাজ-কন্যায় প্ৰবোধ দি কলে, “ইমান আৰাও কৰিব নালাগে। কপালত যি আছে সেয়ে হব।” তেওঁলোকে সুন্দৰকৈ বুজিলে যে ৰাজকন্যাৰ মন বেলেগ; তথাপি কোনো কথা কবলৈ সাহ নকৰিলে। নিৰূপিত দিন উপস্থিত হল। ৰাজকীয় সেনা অস্ত্ৰ-শস্ত্ৰ লৈ শাৰী শাৰী হল। দৰ্শকে ৰণক্ষেত্ৰ পৰিপূৰ্ণ হল। তথাপি বাঁৰী পুতেকৰ সৈন্য সামন্ত একো নাই।
মানুহ বিলাকে কবলৈ ধৰিলে, এইবাৰ বাঁৰীপুতেক গল। ইফালে ৰাজকন্যাই বাঁৰীপুতেকৰ ডিঙিত ফুটা ঢোলটো আঁৰি দি ভালকৈ কাপোৰৰে ঢাকি দি কলে – “আপুনি ভালকৈ ককালত টঙালি বান্ধি লৈ ৰণ-ক্ষেত্ৰত ঢোলটোৰ কাপোৰ মোকোলাব আৰু ধৰ-মাৰ-কাট-বান্ধ, এই চাৰিটা কথা কৈ ঢোলটো চাপৰিয়াই জপিয়াই ফুৰিব। যেতিয়ালৈকে ৰজাই ৰাজ্য এৰি দিছো বুলি অঙ্গীকাৰ নকৰে তেতিয়ালৈকে ক্ষান্ত নহব।” বাঁৰী পুতেক গৈ ৰণ-স্থলত উপস্থিত হল। মানুহ বিলাকে বাঁৰী পুতেকৰ অৱস্থা দেখি হাঁহি সামৰিব পৰা নাই। লগে লগে নানা ঠাট্টা-মচ্কৰা কৰিবলৈ ধৰিলে। কোনোৱে বা ৰজাৰ অসৎ অভিপ্ৰায় দেখি বেজাৰকে কৰিছে। ৰাজকীয়