সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)

মন্ত্ৰীয়ে কলে সেইটো হবই নোৱাৰে। তিনি বাৰতহে নিবাৰ। বপুৰাই ভাবিলে মোক হাতী আৰু গৰু যৌতুকত দিছিল, সেই বাবে জিকিলো, ৰণুৱা চিপাহি যৌতুকত দিয়া নাই কেনেকৈ জিনিম। নানা ভাবনা-চিন্তা কৰি ঘৰলৈ আহিল। স্বৰ্গ ভাগি মূৰত পৰিল। হৃদয় মৰুত পৰিণত হল। অতি দুখেৰে মাক আৰু ঘৈণীয়েকৰ আগত কথাটো প্ৰকাশ কৰিলে। মাকে কান্দিবলৈ ধৰিলে। ৰাজ কন্যাই কিছু গধূৰ ভাব দেখুৱাই দেউতাকৰ ওচৰলৈ যাবলৈ কলে। বাঁৰী পুতেকে বাৰে বাৰে যাবলৈ বৰ লাজ কৰিলে, কিন্তু নগলেও আন উপায় নাই। সেই বাবে লাজ কাতি কৰি থৈ শঙ্কুচিত চিতেৰে ভদ্ৰশীল ৰজাক জনালেগৈ। ৰজাই আগৰ দৰে বিশেষ একো কথা বতৰা নাপাতি যৌতুকত দিয়া ফুটা ঢোলটোকে এডোখৰ নতুন কাপোৰ মেৰাই দি পঠালে। মাথোন অলপ কঠোৱাকৈ কলে “সাবধান বাটত মেলি নাচাবি আৰু চাপৰ এটিকো নামাৰিবি।” সি ফুটা ঢোল কানত লৈ খোজ ললে। বাটে বাটে গুণি গৈছে—সৈন্য-সামন্ত যেতিয়া একো নিদিলে এইবাৰ মোৰ ফালে আহৰি। আভুৱা ভাৰি এই দাল ভাৰ বোৱাইছে। এই দৰে নানা আকাশ পাতাল ভাবি বেচেৰাই ঘৰ পালেগৈ। ঘৈণীয়েকেও আন কথা বতৰা একো নুসুধি ঢোলটো নি ভিতৰত থৈ দিলেগৈ, মাকে সুধিলে “বোপাই ৰণুৱাৰ খবৰ কি?”