কেতবোৰ পলাই পত্ৰং মাৰিলে, বাকীবোৰ হাতী আৰু মাউত মৰি গোটেই পথাৰত একোটা শিল পৰা দি পৰি থাকিল। দৰ্শক সকলে আচৰিত মানিলে।
ৰজাৰ বুকু কঁপিবলৈ ধৰিলে, বাঁৰীপুতেকৰ মনত অপাৰ আনন্দ হল। সকলো ঘৰা-ঘৰি গল। বুঢ়া হাতী আকৌ আগৰ দৰে হল। বাঁৰী পুতেকে বুঢ়া হাতীক লৈ ঘৰ পালেহি। তিনিওৰো মহা আনন্দ। ৰজাই চ’ৰাত বহি পাত্ৰ-মন্ত্ৰীৰ লগত পৰামৰ্শ কৰিছে। “এতিয়া উপায় কি?” পূৰ্ব্বৰ কথামতে বাঁৰীৰ পুতেকক এফাল ৰাজ্য দিব লগাত পৰিলো।” মন্ত্ৰীয়ে কলে “মহাৰাজ একেবাৰেই কিয় ৰাজ্য দিম? তিনিবাৰত জিকিলেহে পাব পাৰিব। এনেতে বাঁৰী পুতেক উপস্থিত হৈ ৰাজ্যৰ দাবী কৰিলেগৈ। মন্ত্ৰীয়ে কলে “এবাৰতে ৰাজ্য এখন পাবিনে? আৰু দুই এবাৰ দেখা যাওঁক। এই বাৰ সাত দিনৰ মূৰত পুনৰাই ভেটেৰা গৰুৰ যুঁজ হওঁক।” বাঁৰী পুতেক উলটি আহি ঘৈণীয়েকক সেই কথা জনালত পুনঃ দেউতাকৰ ওচৰলৈ পঠালে। ভদ্ৰশীলে আগৰ দৰে বিশেষ একো নকৈ যৌতুকত দিয়া ভেহেঁৰা গৰুটো লৈ যাবলৈ কলে। সিও পূৰ্ব্বৰ দৰে ঠেলি হেচি লৈ গৈ ঘৰ পালেগৈ। ৰজাই শ শ প্ৰকাণ্ড ভেটেৰা আনি পথাৰত জমা কৰিছে।