সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

পথাৰত চেঁচাব লাগিছে।” সি ভাবিলে, সোনকালে সাৰিব পাৰিলে এইয়ো ভালেহে পায়। তাৰ বেজাৰে দুগুণে মূৰত ধৰিলে। তথাপি উগুল থুগুল কৰি পঁইতা ভাত এমুঠি খাই উঠুৰ গুঠুৰকৈ ওলাল। ঘৈণীয়েকে কলে “যোৱা, যেতিয়া বিপক্ষৰ হাতীয়ে গুৰ গুৰাই খেদি আহিব তেতিয়া বুঢ়াৰ নেগুৰত ধৰি ধৰ্‌ ধৰ্‌ বুলি তিনটা চাপৰ মাৰিবা।” সি এইবোৰ ঠাট্টা কৰা যেন হে ভাবিলে। তথাপি মৰণত শৰণ দি বুঢ়া হাতীক ঠেলিয়াই ঠেলিয়াই লৈ গল। ৰণৰ থলিত বুঢ়া হাতীয়ে টোপনীয়াবলৈহে ধৰিলে। বাঁৰী পুতেকৰ হাতীৰ অৱস্থা দেখি ৰাইজে আগুৰি ধৰি কতই হাঁহিছে, কতই ৰজাৰ অসৎ প্ৰবৃত্তি দেখি বেজাৰো কৰিছে। ৰজাৰ আনন্দৰ সীমা নাই। ৰজাৰ আদেশ মতে শ শ হাতী আহি বুঢ়া হাতীক আগুৰি ধৰিলে। মানুহে ভাবিলে বুঢ়া হাতীৰ ফালে সাং। বাঁৰী পুতেকৰটো আশাই নাই। তথাপি ৰজাৰ জীয়েকৰ কথা মতে নেগুৰত ধৰি যেই মাত্ৰ টিকাত তিনটা চাপৰ দিলে তৎক্ষণাত বুঢ়াই তজ-বজীয়া হৈ বিজুলি সঞ্চাৰে গৈ এটা হাতীৰ ডিঙিত শুৰেৰে মেৰাই ধৰি তাকেই গদা কৰি ললে। তাৰ দ্বাৰাই আন হাতীবোৰক ভীষণ পৰাক্ৰমেৰে কোবাবলৈ ধৰিলে।