ৰজাৰ জোৱাই হৈছ, এতেকে তোৰ লগত মোৰ হাতী যুঁজ হব লাগে। এসপ্তাহৰ ভিতৰত হাতী যোগাৰ কৰি আন। যদি এসপ্তাহৰ মূৰত হাতী আনিব নোৱাৰ অথবা যুঁজত তোৰ হাতী ঘাতে তেন্তে তোৰ ঘৈণীয়েৰক মোক দিব লাগিব। আৰু যদি তোৰ হাতী জিকে তেন্তে মোৰ ৰাজ্যৰ আধা তোক দিম। বাঁৰী পুতেকে অনেক কাকূতি মিনতি কৰাতো ৰজাই নামানিলে। সি পঁজালৈ আহি কান্দি কান্দি এই কথা মাক আৰু ঘৈণীয়েকক জনালে। ৰাজ কন্যাই কলে “কান্দিলে কি হব, কপালত যি আছে সেয়ে হব। তুমি এতিয়াই যোৱা, দেউতাক এই কথা জনোৱা গৈ।”
বাঁৰীৰ পুতেকে সেই মতে গৈ শহুৰেকক জনালেগৈ। ভদ্ৰশীলে বিশেষ একো নকৈ যৌতুকত দিয়া বুঢ়া হাতীটো লৈ যাবলৈ কলে। বাঁৰী পুতেকে ভাবিলে শহুৰৰও মন বেঁকা। ৰজাই ৰজালৈহে টানিব, মোৰ নিচিনা দুখীয়াক এৰিব পাৰিলে ভালেই পায়। তথাপি বুঢ়া হাতীক ঠেলিয়াই ঠেলিয়াই আনি এসপ্তাহৰ মূৰত ঘৰ পাই দীঘল হুমুনীয়া কাঢ়ি পিৰালিতে মূৰে কপালে হাত দি বহিল। আৰু মনে মনে ভাবিলে, অলপ সময়ৰ পিচতে মোৰ সুন্দৰী তিৰোতা লোকে লৈ যাব। ঘৈণীয়েকে কলে “আপুনি পলম নকৰিব এমুঠি পঁইতা-জকৰা খাই হতীটো লৈ যাওক। শ শ হাতীয়ে