অঙ্গীকাৰ মতে ধুনীয়া ছোৱালী জনী বিয়া দিলে। ভাল ভাল গহণা আৰু কাপোৰ কানি আদি দিয়াৰ বাহিৰেও তিনিটা বস্তু যৌতুকত দিলে। এটা বুঢ়া দাঁতাল হাতী, এটা বুঢ়া ভেহেঁৰা গৰু আৰু এটা ফুটা ঢোল। ৰজাৰ এই দান দিয়া কাৰ্য্যত বাঁৰী আৰু পুতেকে মনত বৰ বেজাৰ পাই এই তিনি বিধ বস্তু এৰি মাথোন ছোৱালীকেই লৈ গল। যেতিয়াই গৈ সিহঁতে নিজৰ ভঙ্গা পঁজাত সোমালগৈ, তেতিয়াই গাঁৱৰ মানুহবোৰ জাকে জাকে আহি ছোৱালী চাবলৈ ধৰিলেহি আৰু সকলোৱে কলে “এই জনী ৰজাৰ যোগ্যৰ হে ছোৱালী।” বাস্তুবিকে ছোৱালী জনী বৰ সুন্দৰী আছিল। এই কথা লাহে লাহে গৈ সেই দেশৰ ৰজাৰ কাণত পৰিলগৈ। ৰজাই মন তাপৰিৱ নোৱাৰি ছোৱালী জনী মতাই নি চালে। ছোৱালীৰ ৰূপ দেখি ৰজাৰ মন বিকৃতি হল আৰু মনে মনে ভাবিলে কিবা এটা উপায় উলিৱাই কেনেকৈ ছোৱালীজনী হাত কৰো। ৰজাৰ দিনে ৰাতিয়ে চিন্তাত টোপনী নহা হল। মন্ত্ৰীৰ লগত পৰামৰ্শ কৰিলে। মন্ত্ৰীয়ে কলে মহাৰাজা, ই একো টান কথা নহয়। বলেৰে আনিলে আপোনাৰ বদনাম হব; এতেকে চলেৰে হে আনিব লাগে। মোৰ কথা শুনক। হাতী যুঁজ পাতক সি ভিকহুৱে হাতী ক’ত পাব। কথাত ঘাটিলেই ছোৱালী আপুনি পাব।” ৰজাই এই পৰামৰ্শ বৰ ভাল পালে আৰু তৎক্ষণাৎ বাঁৰীৰ পুতেকক মতাই নি কলে “তই ভদ্ৰশীল
পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৩৮
অৱয়ব