সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)

দেখি আচৰিত হল। ৰজাই কলে “তোমালোকে ভয় নকৰিবা। তোমালোকৰ কপাল ফুলিল। কাকো নকবা, মোক এৰি দিয়া যি লাগে তাকে মই দিম। মই সুন্দৰ পুৰৰ ৰজা।” বাঁৰীয়ে সুধিলে “তোমাৰ ছোৱালী আছেনে?” ৰজাই কলে “সাতজনী আছে।” বাৰীয়ে কলে “মোৰ এই লৰাটোলৈ কতো ছোৱালী বিচাৰি পোৱা নাই। তুমি শপত খাই কোৱা আটাইতকৈ ধুনীয়া ছোৱালী জনী মোৰ এই লৰাটোলৈ বিয়া দিবা।” ৰজাই তাকেই কৰিলে। বাঁৰীয়ে কলে “বাৰু ছোৱালী পাম কেনেকৈ? তোমাৰ ঘৰ কত? নাম কি? কোন মাহত ছোৱালী দিবা, তাক কোৱা, মোৰ হলে একোৱেই নাই; সকলোবোৰ তুমিয়েই দিব লাগিব।” ৰজাই সকলো কথা ভাল দৰে বুজাই দিলে আৰু অহা ফাগুণ মাহত সালঙ্কৃতা কৰি ছোৱালী বিয়া দিবলৈ সৈত শপত খালে। তেতিয়া ৰজাক এৰি দিলে, ৰজা আকৌ, চৰাই হৈ নিজ দেশলৈ উৰি গল। বাঁৰী আৰু পুতেকে সন্দেহ যুক্ত হৈ কেতিয়া ফাগুণ মাহ পৰে সদাই আঙুলিৰ মূৰত লেখিবলৈ ধৰিলে। ক্ৰমে ক্ৰমে দিন গৈ ফাগুণৰ মাহ পৰিলহি। বাঁৰী আৰু পুতেকেও দুৱাৰত ডাং বান্ধি ঈশ্বৰৰ নাম লৈ খোজ ললে। (যেতিয়া মানুহৰ সৌভাগ্য উদয় হয়, তেতিয়া কোনো বাধা বিধিনীয়ে বাট ভেটিব নোৱাৰে।) অনেক হাবি-জঙ্ঘল, নদী-বিল, পাৰ হৈ ভদ্ৰশীল ৰজাৰ নগৰত উপস্থিত হলগৈ। ৰজাৰ পূৰ্ব্বৰ