সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)

প্ৰস্তাব কৰিলে তেওঁ কেতিয়াও নিফিৰাব। সূৰ্য্যৰ ওচৰত গৈ কলে “হে সূৰ্য্য-দেৱতা তুমি সকলোতকৈ ডাঙ্গৰ, সেইবাৰে মই তোমাৰ লগত বিয়া হবলৈ আহিছো। তুমি মোক বিয়া কৰাব লাগে।” সূৰ্য্যই কলে “হে-সুন্দৰী তুমি মোৰ হলে তোমাৰ উদ্দেশ্য সিদ্ধি নহব। কাৰণ মেঘ মোতকৈও ডাঙ্গৰ মেঘে মোক তৎক্ষণাৎ ঢাকি পোলোৱা তুমি দেখিয়েই আছা। এতেকে মেঘৰ ওচৰলৈ যোৱা।” ৰাজ কন্যা মেঘৰ ওচৰলৈ গৈ মেঘক কলে “হে মেঘ দেৱতা। তুমি আটাইতকৈ ডাঙ্গৰ এতেকে মই তোমাৰ লগত বিয়া হবৰ ইচ্ছা কৰোঁ।” মেঘে কলে “মই ডাঙ্গৰ নহওঁ মোতকৈ বায়ু ৰজাহে ডাঙ্গৰ, কাৰণ বতাহে মোক উৰুৱাই থান্ থান্ কৰে। এতেকে তুমি বায়ু ৰজাৰ ওচৰলৈ যোৱা।”

 ৰাজ কন্যাই বায়ু ৰজাৰ ওচৰলৈ গৈ কলে “হে বায়ু ৰাজ! আপুনি সকলোতকৈ ডাঙৰ সেইবাবে মই আপোনাৰ লগত বিয়া হবলৈ আহিছো; দয়া কৰি মোক বিয়া কৰাওঁক।” বায়ু ৰজাই কলে “সুন্দৰী! যদিও মই সকলোতকৈ ডাঙৰ তথাপি মোতকৈও ডাঙৰ এজন আছে। তেওঁক মই কোনো মতেই লৰাব পৰা নাই। তেওঁ হৈছে মধুপুৰ গাৱঁৰ টিখৰু শৰ্ম্মাৰ পথাৰৰ আগত থকা উঁই হাফলু। এতেকে তুমি তেওঁৰ ওচৰলৈ গৈ মনোবাঞ্চা পূৰণ কৰা গৈ।”