কোন ডাঙৰ
কোনো এখন দেশত এজন ৰজা আছিল। তেওঁৰ সাতজনী জীয়েক আছিল। এদিন ৰজাই সাতো জনীক মাতি ওচৰলৈ আনি সুধিলে “আইহঁত! তহঁতে কাৰ তপে-জহে খাইছ। ছজনীয়ে উত্তৰ দিলে “দেউতা! আমি আপোনাৰ জহতেই খাইছোঁ৷” কিন্তু ডাঙ্গৰ জনী ছোৱালীয়ে কলে “দেউতা! মই নিজৰ ভাগ্যৰ বলেৰে খাইছোঁ” তাতে ৰজাই ক্ৰোধ কৰি কলে “তই তেন্তে মোৰ অধীন নহয়, আৰু মোৰ হাক ডাক নুশুন নেকি?” ছোৱালী জনীয়ে কলে “নিজ নিজ ভাগ্যৰ বলেৰে সংসাৰত মানুহে জনম লয়, আৰু নিজ নিজ ভাগ্যৰ বলেৰে সুখ দুখ পায়, আনৰ ভাগ্যৰ বলেৰে আনে কেনেকৈ খাব?” ৰজাই কলে “বাৰু তই তেন্তে মই যত বিয়া দিম তালৈ নাযাবি নে কি?” ছোৱালীয়ে উত্তৰ দিলে “নাযাওঁ।”
ৰজাই সুধিলে তই কাৰ লগত নো বিয়া হবি?” ছোৱালীজনীয়ে উত্তৰ দিলে “সকলোতকৈ যি ডাঙ্গৰ মই তেওঁৰ লগত হে বিয়া হম। ৰজাই খং কৰি ছোৱালী জনীক ঘৰৰ পৰা খেদি দিলে। তাই ওলাই গৈ মনতে ভাবিলে জগতৰ ভিতৰত সূৰ্য্যই আটাইতকৈ ডাঙ্গৰ এতেকে তেওঁৰ ওচৰলৈ গৈ বিয়াৰ