সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৪)

লগালে। তেতিয়াই ঘপকৰে দৰাইও “মোক তামোল এখন দি মাত এতিয়া মইহে কেপ্‌কেপাই থাকো। এতিয়া আগেয়ে কোনে মাতিলে বুলি মাত লগালে, আৰু ঘটনাটো প্ৰকাশ কৰি সকলোৰে আগত কলে। সকলো মানুহে পাৰে মানে হাঁহিলে। আৰু এখন তামোলৰ লগত ভেটি মাটী বেচালে বুলি নিন্দা কৰি ঘৰাঘৰি গুছি গল।

—সামান্য কথাত পেচ পাতি অঙ্গীকাৰ কৰা অনুচিত—


টেঙৰ চোৰ

কোনো এখন গাঁৱত এটা মানুহক চোৰ বুলি ধৰি নি ৰজাৰ আগত দিলেগৈ। সেই দেশৰ ৰজা জনৰ মুখত যেতিয়া যি ওলায় সেয়েই হুকুম; তেওঁ বিচাৰ কৰি থাকিবলৈ আমনি পায় সেইবাবে তৎক্ষণাৎ চোৰৰ হুকুম হল ফাঁচি দি মাৰিব লাগে। ৰজাৰ হুকুম শুনি চোৰৰ চুলিৰ আগে জীৱ গল। বিনা বিচাৰে