সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)

লাগিব।” তাতে কন্যাইও সন্মত হৈ কলে “বাৰু দেখা যাওক।” পিচ দিনা শুই উঠি গাই গাই কাম কাজ কৰি ফুৰিছে তথাপি কাকো কোনেও নেমাতে। আনে মাতিলেও চকুলৈ চাই হাতেৰে তা ভা কৰে আৰু মিচিকিয়াই হাঁহে। এই দৰে যেতিয়া এদিন এৰাতি শেষ হল তেতিয়া বুঢ়া-বুঢ়ীৰ মনত মহা চিন্তা হল আৰু ওচৰৰ বেজ বিচাৰি মঙ্গল চোৱাবলৈ ধৰিলে। কড়িৰে, পানেৰে, ধানেৰে, খৰিকাৰে আৰু মাটিত আঁক পাৰি নানা বিধৰ মঙ্গল চালে। মঙ্গল চোৱা সকলে নানা দেৱ-দেৱতা আৰু মানুহৰ লেঠাবোৰ বটাবলৈ ধৰিলে। যেনেঃ-জলখাই, থলখাই, হাটুৱালী, বাটুৱালী, অপেশ্বৰী, কানীয়া, কানিয়ানী, এৱা-ছোৱালী, বুঢ়ী ভকতি, গৰখীয়া লৰা, ভূত, প্ৰেত্‌, দৈত, চামন ইত্যাদি। বুঢ়া-বুঢ়ীয়ে যেয়ে যিহকে কৈছে তাকেই কৰিছে। এই দৰে নানা প্ৰকাৰৰ সকাম কৰোঁতে এমাহৰ ভিতৰতেই মাটী-বাৰী বেচি, খাস্তাং কৰিলে। হঠা এদিন এটা টেঙৰ বেজ ওলাই অগ্নি পৰীক্ষা কৰি ভূত, খেদাবলৈ বুদ্ধি উলিয়ালে। এডাল লো ৰঙ্গা কৰি প্ৰথমে দৰাৰ ভৰিৰ তফুৱাত লগাবলৈ তুৱালে। সি কষ্ট সহি মুখ বিকটা বিকটি কৰি থাকিল তথাপি মাত নামাতিলে। সেই দৰে যেতিয়া কন্যাজনীৰ ভৰিত চেন দিবলৈ লো ডাল ওচৰলৈ নিলে তেতিয়া তাই ভয়তে – “ঔ আই! মৰিলোঁ” বুলি মাত