এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)
থাকিবিগৈ।” সিহঁতে সেইমতে গৈ গৰু ম’হ নাপালে। তোমবোৰ ওপঙ্গি যোৱা দেখি ধৰি আনি মানুহ বোৰ চিনি পালে আৰু কপাল মূৰ ভুকুৱাই কান্দি কান্দি ঘৰলৈ আহিল। বাদ বাকী মানুহে ভয়তে বুঢ়াক হিংসা কৰিবলৈ এৰিলে আৰু সকলোৱে বুঢ়াক ভয় কৰা হল।
“পৰক হিংসা কৰি সাৰিবৰ উপায় নজনা আৰু শত্ৰুক বিশ্বাস কৰা মানুহৰ পদে পদে বিপদ হয়।”
⸻
পেচুলা দৰা
কোনো এখন গাৱঁত এঘৰ খেতিয়ক মানুহ আছিল। ঘৰখনত এটা ডেকা লৰা আৰু বাপেক মাকৰ বাহিৰে আন মানুহ নাছিল। সিহঁতৰ কেইডৰামান মাটি-বাৰী আৰু কেইটামান গৰু গাইও নিয়মীয়াকৈ আছিল। বুঢ়া বুঢ়ীয়ে লৰাৰ নিমিত্তে