সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)


 ডেকাহঁতে ভাত পানী খাই আহি তোমটো ডাঙি নি পানীত পেলাই দিলে আৰু কলে “কুতৰ্কি যা আজিৰ পৰা তোৰ ভিকাচন মাৰিলো। বুঢ়াই অনাই বনাই কেইবাদিনো ফুৰি দূৰৈৰ পৰা কেইটামান গৰু চোৰ কৰি লৈ এদিন ৰাতি ঘৰলৈ আহিল। মানুহ আটাইবোৰে কানাকানি কৰিছিল এইবাৰ বুঢ়াৰ গতি লাগিল। বুঢ়ীয়েও বুঢ়াৰ নিৰুদ্দেশ দেখি কোনোবাই মাৰি পেলালে বুলি ভাবি কান্দি-কাতি ফুৰিছিল। কিন্তু হঠাৎ বুাঢ়ৰ আগমন দেখি বুঢ়ীৰ অপাৰ আনন্দ হল আৰু আনবোৰ মানুহে আচৰিত মানিলে। বুঢ়াই তোমত বান্ধা ডেকাহঁতক মাতি কলে “বোপাহঁত! তহঁতে মোৰ বৰ উপকাৰ কৰিছিলি, পিচে লৰালৰিকৈ অলপ বামতে পেলাই দিয়াটোহে বেয়া হৈছিল। এইবাৰ মোক নি একেবাৰে দ পানীত পেলাই দিবিগৈ। তোমটো ময়েই সাজি লম। পানীৰ তলত বহুত গৰু মহ আছে। দ পানীত থকাবোৰ অতি ভাল।” গাৱঁত এই কথা ভাল দৰে প্ৰচাৰ হল। তিৰোতা বিলাকে বিশেষকৈ মতা বিলাকক গৰু মহ আনিবৰ কাৰণে খুচিয়াবলৈ ধৰিলে। মতা বিলাকে গাই গাই একোটা তোম সাজি লৈ গৰু মহ থকা পানীত পেলাই দিবলৈ বুঢ়াক অনুৰোধ জনালে। বুঢ়াই আপোনঘাতী হব খোজা মূৰ্খহঁতক তাকেই কৰিলে। উলটি আহি তিৰোতা বিলাকক কলে “অমুকে পশ্চিম ফালৰ ঘাটত পৰহিলৈ গৰু মহ তুলিব,তহঁতে তাত হাজিৰ