সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

গোঁজৰিবলৈ ধৰিলে।” চাৰিও ফালে মানুহ পঠাই মালৰ খবৰ নেপাই পলাল বুলি জানিলে। চৌকিদাৰে কলে, “ধৰ্ম্মৰাজ ৰাতি মালটো আহি হাতীৰ দাঁত আৰু বাঘৰ ছাল চাই বুঢ়াই মৰাৰ খবৰ পাই শুকান মুৱা হৈ গৈছিল। বোধকৰোঁ তেতিয়াই পলাল।” বুঢ়াই দুগুণে ভমক দেখুৱাই দাঁত কামোৰি কবলৈ ধৰিলে “ৰাতিৰ তাকৰীয়া আহাৰতো মোৰ গা ইমানকৈ নাচি উঠিছে। সৰহকৈ খোৱা হলে মোক ৰাখে কোন ব্ৰহ্মায়। মহাৰাজ যেনেতেনে আজি এজন মানুহ লাগিবই—হয় ৰজা নহয় প্ৰজা।”

 “সি চালাই ভয়তে পলাল হায় তাৰ মঙহ কচি কচি খালোহেঁতেন।” ৰজাই ভয়তে কাকূতি কৰি কলে “হে বীৰবৰ, মোক ক্ষমা কৰা; মানুহৰ বাহিৰে যি লাগে তাকেই দিম।” বুঢ়াই মূৰ দুপিয়াই গোঁজৰণি মাৰি কলে “ক্ষমা নাই। হয় মাল নহয় ৰজাৰ মঙহ মোক লাগে।” ৰজাই আকৌ কলে, “হে মহাবীৰ মোক ক্ষমা কৰ।” বুঢ়াই তেতিয়া অলপ ক্ষান্ত হৈ কলে “মহাৰাজ আপোনাৰ ৰাজ্যত মোৰ থকা নহল। মানুহৰ সলনি মোক এটা হাতী আৰু দহ হাজাৰ টকা লাগিব; নহলে ৰাজ মাংস ৰাজ মাংস।” ৰজাই ভয়তে তাকেই দিবলৈ সন্মত হল। আৰু পাচলৈ বা কি কৰে ইমানতেই বিদায় দিয়া ভাল বুলি ভাবি হাতী