যা গৈ। কিছু দিনৰ পিচত মোক গোপনে লগ ধৰিবি। মই তাতোকৈ অনেক ডাঙৰ ডাঙৰ বিদ্যা শিকাই দিম।” মালে লাহেকৈ বুঢ়াক নমস্কাৰ কৰি বিদায় ললে। বুঢ়াই কলে “যোৱা বোপা উঠনীয়া ধুনীয়া দেহাটো মাটি নকৰিবা। ওচৰে কাষৰে থকাৰ গম পালেও ৰজাই ধৰাই আনি মাৰি পেলাব। বহুত দূৰলৈ গুছি যোৱাগৈ।” মালক নি বুঢ়াই নগৰৰ বাহিৰ কৰি বাট দেখুৱাই থৈ আহি পুনৰাই নানিবলৈ মনে মনে ঈশ্বৰক খাটি ভাত তৰকাৰীবোৰ পেলাই দি শুই থাকিল। কৰবাত কিহবাই খিৰিক কৰিলেও সি ফিৰি আহিলনে কি খুলি বুঢ়াৰ বুকু ধিপিং ধিপিং কৈ উঠে। এই দৰে ৰাতিটো কটালে। পুৱাই উঠি গম লবলৈ ধৰিলে কিন্তু কতো একো খবৰ নেপালে। তথাপিও বুঢ়াৰ মনৰ সন্দেহ যোৱা নাই। ৰাতি পুৱাৰ পৰাই নৰ-নাৰী প্ৰজাই মাল যুদ্ধ চাবলৈ ৰাজ-হাউলীত গোটখাবলৈ ধৰিলে। লাহে লাহে বেলা দুপৰ হল, তথাপি মালৰ খবৰ নাই, তেতিয়া বুঢ়াৰ মনত অপাৰ আনন্দ লাগিল। বুঢ়াই ভালকৈ কঁকালত কাপোৰ কচি, কান্ধত কোনো মতে দাঙিব পৰা এদাল ভলুকা বাঁহৰ গোৰ লৈ সিংহমূৰ্ত্তি ধৰি সভাৰ মাজত উপস্থিত হৈ হাত ভৰি আচাৰি কবলৈ ধৰিলে “মহাৰাজ! আনক, মাল আনক মোৰ গা কুট্কুটাব লাগিছে। বেগাই আনক বেগাই আনক বুলি
পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/১৬
অৱয়ব