আহিল। পিচে বুঢ়াৰ খবৰ কি? বাঘ মাৰিলানে? বুঢ়াই গোঙ্গোৰা মুৱা হৈ কলে “নামাৰি এৰি আহিম নে? মহাৰাজ মই আপোনাৰ দেশৰ মানুহৰ দৰে ভয় পাদুৰা নহওঁ। সিহতে মোলৈ দুদিনো বাট চাব নোৱাৰিলে। মানুহ একুৰিমান দিয়ক মই বাঘটো আনিহে কথা কম।” ৰজা, পাত্ৰ, মন্ত্ৰী আৰু আন আন সকলো নৰ-নাৰী প্ৰজাই শুনি বৰ আনন্দ পালে আৰু হাউচতে ইটোৱে বোলে মই যাওঁ, সিটোৱে বোলে মই যাওঁ, এইদৰে কৈ বহুত মানুহ বুঢ়াৰ লগত হাবি সোমাই বাঘটো সাঙ্গি কৰি আনিলে। বাঘটো বৰ ডাঙৰ আছিল। সেইবাবে আঠ কৰা মানুহেহে ডাঙি আনিব পাৰিছিল। সকলো মতা তিৰোতাই তিন দিনলৈকে আগুৰি আগুৰি বাঘটো চালে।
তেতিয়াৰ পৰা বুঢ়াৰ নাম বুঢ়া-বীৰ নামে প্ৰখ্যাত হল। বুঢ়াক ৰাজ সভাত বহিবলৈ আসন দিলে। বুঢ়াৰ নাম শুনিলেই ডাঙ্গৰ সৰু সকলো ভয়তে ত্ৰাহি মধুসূদন। কোনো ঠাইত বহুত মানুহ গোট খাই থাকিলে বা কিবা হাই কাজিয়া কৰিলে কোনোবাই যদি বুঢ়া-বীৰ আহিছে বুলি কয়, তেন্তে পলাই ফাট্ মাৰে। বুঢ়াই ৰসতে নামটো থৈ গা সাৰিবলৈ বিচাৰিলেও ৰজাই এৰি নিদিয়াত বুঢ়াৰ মনত সুখ শান্তি নোহোৱা হ’ল। এনেতে এদিন এটা প্ৰকাণ্ড মাল আহি