যাবি।” তহঁতে বুঢ়াক কেতিয়াও নেৰিবি। সিহঁতে বুঢ়াক হাতত ধৰি লৈ গৈ হাবি সোমালগৈ আৰু সঁচাকৈ হাতীটো মৰি থকা দেখি আচৰিত হল। সকলোৱে মিলি দাঁত দুটা কাটি লৈ বুঢ়াৰে সৈতে ৰজাৰ আগত হাজিৰ কৰি দিলে। ৰজাই দেখি আচৰিত হল। বুঢ়াক বৰ আদৰ কৰি ৰাজভোগ ভোগাই ৰাজহাউলীতে ৰাখিলে। বুঢ়াই বৰ সুখেৰে কিছুদিন খাই বৈ আছে। এনেতে এদিন এজাক মানুহ আহি ৰজাক আপত্তি কৰিলে, “স্বৰ্গদেৱ অমুক গাঁৱৰ ওচৰত থকা হাবিখনতে এটা বৰ বাঘ ওলাই মানুহ গৰু বহুতো মাৰিছে। স্বৰ্গদেৱে বাঘটো মৰাৰ এটা উপায় নকৰিলে গৰীব ৰায়তহঁত তেনেই মৰিলোঁ।” ৰজাই তেতিয়াই বুঢ়াক মাতি আনি বাঘটো মাৰিব পাৰিব নে বুলি সুধিলে। কথা শুনি বুঢ়াৰ মুৰত স্বৰগ ভাগি পৰিল। তথাপি বুঢ়াই মুখতে সাহ দেখুৱাই কলে “স্বৰ্গদেৱ বাঘ এটা মৰাও ডাঙ্গৰ কামনে? মোক কেইদিন মানৰ খোৰাকী আৰু অলপ অস্ত্ৰ-শস্ত্ৰ দিয়ক, তাক হাবিত বিচাৰি বিচাৰি উলিয়াম গৈ। ৰজাই বুঢ়াৰ সাহসৰ কথা শুনি আৱশ্যকীয় সজুলি আৰু কেইজনমান মানুহ লগত দি পঠিয়াই দিলে। হাবিৰ ওচৰ পাই বুঢ়াই মনতে ভাবিলে এই চলতে নপলালে আৰু উপায় নাই।
পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/১০
অৱয়ব