মা কেনে আছা তুমি?
তোমালৈ আজি বৰকৈ মনত পৰিছে অ’ মা
বুকুৰ ঢপ্ ঢপনি বাঢ়ি গৈছে দেখোন
কলিজাৰ তেজবোৰৰ গোট মাৰিব খুজিছে,
মা আজি বহু দিন হ’ল ন
তোমাৰ সেই ক্ষীণ হাঁহিটো নেদেখা,
হঠাতে তুমি কিয়োনো গুচি গ'লা?
বেৰত আঁৰি থোৱা তোমাৰ সেই ফটোখনলৈ
চাই ভাইটিয়ে সোধে,
সেয়া কোন বুলি,
উত্তৰ দিব নোৱাৰি
মা মই নিৰৱ হৈ ৰ'ও অ’।
কেতিয়াবা দুচকুৰে বৰষুণ সৰে
গোটেই ৰাতি উচুপি পাৰ কৰোঁ,
তুমিহীনতাত যে বুকুখন
চিৰাল ফঁটা দি ফাঁটে
সেয়া আনে নুবুজে অ’ মা।
চুবুৰীৰ মানুহে কেতিয়াবা মাতৃহীন বুলি ডবিয়াই
মই বৰকৈ কষ্ট পাওঁ অ’ মা
দিনৰ দিনটো খাতি
গধুলি ঘৰলৈ উভতি আহোঁ,
ভোকে পিয়াহে দেহ অচল হৈ পৰে,
অথচ পানী এটুপি দিবলৈ কোনোৱে নাই।
মা সঁচাকৈ তোমালৈ আজি বৰকৈ মনত পৰিছে,
তোমাৰ কোলাত
আকৌ শুৱলৈ মন গৈছে,
তোমাৰ পৃথিৱীত কেৱল ব্যস্ততা
মা তুমি উভতি আহা
তোমাৰ ক্ষীণ হাঁহিটি
চাবলৈকে মই ৰৈ আছোঁ।
|
|
|
তোমাক ভাল পাবলৈ মোৰ একো নাই
তোমাক ভাল পাবলৈ মোৰ একো নাই
কিন্তু হৃদয় এখন আছে
পাখি মেলি উৰি ফুৰে,
শুভ্ৰ আকাশ এখনো আছে
তাতে মুক্ত বতাহ বয়,
ফাগুনী চিলা উৰে
কঁহুৱাই নাচে হালি জালি,
কিন্তু তুমি যে বিশালতা বেয়া পোৱা,
তোমাক লাগে চহৰৰ নতুনত্ব,
সেয়ে তোমাৰ প্ৰেমিক হ’বলৈ মোৰ
একোৱেই নাই।
বগা কাগজত তোমাৰ নামেৰে
কবিতা লিখিব জানোঁ,
ভালপোৱাক সুঁৱৰি অকলে
গান গুণ গুণাব জানোঁ,
কিন্তু তুমি যে নুবুজা
মোৰ হৃদয়ৰ ব্যাকুল প্ৰকাশ,
তোমাৰ পৃথিৱীত কেৱল ব্যস্ততা
অনুভৱৰ বৰষুণ নাই,
তুমি অংক বুজি পোৱা কিতাপৰ
জীৱনৰ নহয়,
সেয়ে তোমাক ভালপাবলৈ মোৰ একো নাই।
|