পৃষ্ঠা:সৰাপাত.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত

হৃদয়ে বিচাৰে প্ৰেম

মোৰো মন যায়
প্ৰেমৰ সেই উচ্চ শিখৰত উঠি চাবলৈ
য’ত পৃথিৱীখনেই হৈ পৰে নতুন।
য’ত দেখা যায়
সূৰুযৰ উঠা নমা খেলা
আৰু দেখা যায়
সৌ দূৰ নিলীম আকাশত ৰৈ থকা
সাতোৰঙী ৰামধেনুৰ
ৰঙীন পোহৰৰ খেলা।
কিন্তু সেয়া মাথোঁ কল্পনা হৈ ৰয়
মই জানো পাৰিম
প্ৰেমৰ সেই শিখৰত উঠিব,
তথাপি চেষ্টা কৰো বহুত
কিজানি হৃদয়ত শুই থকা সপোন
দিঠক হৈ যায়েই।

   
 

প্ৰিয় নাৰী তুমি নিৰাশ নহ’বা।

গোলাপৰ পাহিত উৰণীয়া মৌ
গুণ গুণাই...
গোলাপে একো নকয়।
সিঁহতলৈ চাই মাথোঁ মিচিকিয়াই হাঁহে।
কাৰণ গোলাপ পুষ্পৰাণী,
সেয়ে উৰণীয়া মৌ
জিৰাব খোজেহি প্ৰতিটো পাহত।
প্ৰিয় নাৰী,
তুমি নিৰাশ নহ’বা।
ফুলৰ পাপৰি চোঁকা হয় কিয়,
সিঁহতে নুবুজে অ'।
প্ৰতি গোলাপৰ ডালত কাইট থাকে কিয়,
হয়টো হেঁপাহ আৰু কিম্বা ভাৱনাতে
সিহত ভোল গৈ থাকে
সূক্ষ্ম চিন্তাৰ আধাৰশিলা।
প্ৰিয় নাৰী,
তুমি নিৰাশ নহ’বা।
তোমাৰ প্ৰতিটো অংক স্বাভাৱিক।
তুমি যোগ কৰি দিয়া অথবা বিয়োগ।
প্ৰিয় নাৰী,
তুমি নিৰাশ নহ'বা।
অংকবোৰ সামৰি আকৌ
খোজ দিয়া জীৱন বাটত।
প্ৰভাতৰ দিশত।
প্ৰিয় নাৰী,
তুমি কেৱল নিৰাশ নহ’বা।

৭পৃষ্ঠা/২১