সমললৈ যাওক

পৃষ্ঠা:সৰল ব্যাকৰণ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪র্থ পাঠ ।
বিশেষ্য ।

 ১। বিশেষ্য পদ চাৰিবিধ | যেনে :

 (ক) সাধাৰণ সংজ্ঞাবোধক বিশেষ্য ।

 (খ) বিশেষ-সংজ্ঞাবোধক বিশেষ্য।

 (গ) ভাব-বোধক বা গুণ-বোধক বিশেষ্য ।

 (ঘ) ক্রিয়া-বোধক বিশেষ্য ৷

 ২। (ক) যি বিশেষ্য পদে কোনো প্রাণীৰ বা বস্তুৰ সাধাৰণ নাম বুজায় তাক সাধাৰণ সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, গছ, লতা, মাটি, পানী, গৰু, মহ, আকাশ, পৃথিবী, ইত্যাদি ।

 (খ) যি বিশেষ্য পদে কোনো বিশেষ প্রাণী বা বস্তুৰ নাম বুজায় তাক বিশেষ সংজ্ঞাবোধক বিশেষ্য বোলে । যেনে, যোৰহাট, ব্রহ্মপুত্র, তাজমহল, কামাখ্যা, ৰাম, ৰহিম, ইত্যাদি।

 (গ) যি বিশেষ্য পদে কোনো ভাৱ বা গুণ বুজায় তাক ভাৱ-বোধক বা গুণ-বোধক বিশেষ্য বোলে । যেনে, উৎসাহ, সৌন্দৰ্য্য, লৰালি, দৈন্য, ইত্যাদি ।

 (ঘ) যি বিশেষ্য পদে কোনো এটা কাৰ্য্য বুজায় তাক ক্রিয়া-বোধক বিশেষ্য বোলে । যেনে, শয়ন, ভোজন, পিন্ধন, ইত্যাদি ।

দ্বিতীয় অনুশীলন

কোনটো কি প্রকাৰৰ বিশেষ্য কোৱা—

ঘৰ। মাটি। পানী। জুই। আগ্রা। দৰিদ্ৰতা৷ মইমতালি। আকবর। মহাৰজা৷ বুঢ়াগোঁহাই। সোৱণশিৰী। উৰণ। গাখীৰ । পঢ়াশালি । কলিকতা। পেগোদা। মন্দিৰ। পর্বত। হিমালয়। পঢ়ন। আর্জন। ভেঙুচালি৷ বেদ। বাইবেল। চন্দ্র। সূর্য্য। কাপ। পথাৰ। ধান ৷ নাও। মৰণ। কীর্তন। শোৱন। স্থিৰতা ।