সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯
স্বাৰ্থৰ সমাজ


মোৰ অথান আবান লৰা কেইটাৰ কষ্ট হব।
পুৰুষোত্তম— বাৰু সেইবোৰ যি কৰ কৰিবি। বাপেৰৰ শৰা-

ধত যে মাটি ডোখৰ দিছিলি; মোকনো কেতিয়াকৈ দিবি। তহঁতৰ এই খন দেখিহে মোক মাটি ডোখৰ গটাই দিবলৈ কৈ আছো।

গনেশ— দেউ আপোনাৰ ধানৰ পৰা অসুবিধা হৈছে?
পুৰুষোত্তম— নাই হোৱা। দান দিয়া বস্তু সোনকালে দি

মোক লেঠা মাৰি পেলাব লাগে। দান দি ৰাখি থব নাপায়।

গনেশ— দেউ আপোনাক মাটিডোখৰ খাই থাকিবলৈ দিলেই

নহবনে? মইটো মাটিডোখৰ দান কৰা নাই, তাত হোৱা শস্যহে আপোনাক দিম বুলিছিলো।

পুৰুষোত্তম— হেৰ তই জানো তাম তুলসী লৈ ভূমি দান কৰা

নাছিলি। এতিয়া পাহৰিলিয়েইনে?

গনেশ— পাহৰা নাই। আমি জানোয়েই বামুণে হাল বাই

খেতি কৰিব নোৱাৰেই। আমিহে খেতি কৰি দিব লাগিব। মাত্ৰ কিমান ধান দিব লাগিব তাক ঠিক কৰি- বলৈহে মাটিৰ পৰিমান কৈছিলো।

পুৰুষোত্তম— আজি কালি দেশত ধৰ্ম্ম কৰ্ম্ম একো নাইকীয়া

তল। এবাৰ দান উচৰ্গি এতিয়া কৈছ দান কৰা নাই। নিদিলে নিদিবি; এইদৰে দিম দিম বুলি টু-টুৱাই থাক কেলৈ। তোক কিবা মই খুজিছিলোনে? মোক দান