এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
স্বাৰ্থৰ সমাজ ।
| ধেনুৰাম— | তুমিনো কেনেকৈ গম পালা। |
| গনেশ— | মই তেওঁক লগ পাইছিলো।মানুহজন বৰ ভাল
দেও। অৱস্থাও বেয়া নহয়। ভাল মানুহৰ ঘৰৰ লৰা যেন লাগে। |
| ধেনুৰাম— | ভালেই হল তেওঁ চাগৈ এজনী বিয়া কৰাই থৈছে;
তাই মান্তি হোৱা হলে লেঠাহে লাগিলহেঁতেন। |
| গণেশ— | তেওঁ বোলে বিয়াকে কৰোৱা নাই। |
| ধেনুৰাম— | তেনেহলে ভালেই হৈছে? তোমাৰ ভনীয়েৰকে
বন্ধবস্ত কৰা। তুমিনো কিমানক আশা দি আৰু ভেটি ভাৰ খাই থাকা। |
| গনেশ— | এৰা তুমি কোৱা কথাটোও বেয়া নহয়। পিছে
মই তেওঁক প্ৰমীলাক ধৰি আনি দিম বুলি কথা দিলো। এতিয়া মুখ এৰিব নোৱাৰা হ'লো। |
| ধেনুৰাম— | আনিলেও মিছা; কৈছা নহয় বহুত গালি পাৰিলে
বুলি; ধৰি আনিলেই মান্তি হব জানো। |
| গনেশ— | ধৰি আনিব পাৰিলে বদনাম ওলালে সমাজত ঠাই
নেপালে, মান্তি নহৈ কৰিব কি? |
| ধেনুৰাম— | অনাটো একো টান কাম নহয়। পিছে তোমাৰ
ভনীয়েৰৰ বিষয়ে কি কৰা। তাই আৰু এতিয়া ঘৰতে বুঢ়ী হবগৈ। উঠি থাকিবৰ কিজানি দহ বছৰ মান হ'ল। |
| গনেশ— | হেৰা নজনা নুশুনা পৰদেশী এটালৈনো বাৰু কেনেকৈ
দিয়া। তুমি নভবা নিচিন্তা কৰি কথা একোটা কোৱা আৰু। |