সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
স্বাৰ্থৰ সমাজ ।


গালি পাৰিলে। কয় তই ওলাই যা. মোৰ ঘৰৰ পৰা

বাহিৰ হ। চকুৰ আগৰ পৰা আঁতৰ হ'। মই কওঁ নেযাওঁ। কাৰণ মই গলে মোৰ স্বামীক কোনে প্ৰতি- পাল কৰিব। আৰু ভাবো যদিওবা প্ৰতিপাল কৰিলেই 'মানব জন্মৰ কৰ্ত্তব্য কৰ্ম্ম তিৰুতাৰ প্ৰধান ব্ৰত স্বামীসেৱা নকৰি মই কিয় যাম। সকলো সহ্য কৰো ভাবো হিন্দুৰ ছোৱালী হৈ জন্ম লৈছিলো যেতিয়া স্বামী সেৱাই একমাত্ৰ ধৰ্ম্ম।

প্ৰমীলা — (স্বৰ্গতঃ) উস মোৰ কাৰণেই নিৰ্ম্মলে দেশে বিদেশে

কত কষ্ট ভোগ কৰিছে মই সুখত বহি আছো (ফুটাই) বাৰু তোমাক এটা কথা কও তুমি এটা কাম কৰিবা। তেওঁ যেনেকৈ ভাল পায় তাকে কৰিবা। বোধ কৰো তুমি ভাল কাপোৰ কানি পিন্ধি তেওঁৰ ওচৰত নাথাকা মলিয়ন কাপোৰেৰে যোৱা।

ভাৰতী— যোৱা, সেই দৰেও চাইছিলো। তথাপি না না

অকথ্য কথা কয়।

প্ৰমীলা — তেওঁৰ ওচৰলৈ যাওঁতে হাঁহি মাতি যাবা। এই দৰে

মুখ ওলোমাই নেযাবা।

ভাৰতী— সকলো মিছা। তাকে দেখি শাহুৱে লগতে উজান

দিয়ে। মোক যেতিয়া বিয়া কৰাই আনে তেতিয়া মোৰ সিমান জ্ঞান নাছিল। এদিন এজোৰা নতুন ডাঠ শাৰী আনি দিছিল; পিচে মই কলো ডাঠ শাৰী জাৰকালি পিন্ধিম।