এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৵
নাটকতকৈও গ্রন্থ স্বৰূপেহে বেচি হৃদয়গ্রাহী হব। শ্রদ্ধেয় শ্ৰীযুত মুৰুলীধৰ বৰুৱা ককাইদেৱে নাটক খনি পঢ়ি বৰ্ত্তমান সমাজৰ উপযোগী আৰু সাৰুৱা বুলি মত প্রকাশ কৰে।
মোৰ নিজা পৰিচালনাত কৃষ্ণবিহাৰী বাগানৰ নাট্য সমিতিয়ে এই নাটক খনি তিনিবাৰ অভিনীত কৰি মোক উৎসাহিত কৰে আৰু ৰঙ্গমঞ্চৰ অসুবিধা খিনি গুচাবলৈ মোক যথেষ্ট সুবিধা দিয়ে। এই অভিনয় প্রতি বাৰতে আশাতীত দর্শক হৈছিল আৰু সকলোৱে নাটক খনিৰ মৰ্ম্ম উপলব্ধি কৰি আপ্যায়িত হৈছিল।
ওপৰুক্ত সকলোৰে ওচৰত মই সেইবাবে আন্তৰিকতা ভৰা কৃতজ্ঞতা জনাইছো । অসমৰ ৰঙ্গমঞ্চ, বিলাক, নাটক বাচনিত ই ঠাই পালে কৃতার্থ মানিম।
তাং ১৯৪০ সন,। ১ আহিন । |
প্রণেতা |