এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
স্বাৰ্থৰ সমাজ।
| লৈ আহিছে। কাইলৈ আবেলিৰ গাড়ীত পাবহি। (প্ৰস্থান) |
( ভাৰতীয়ে শুনি উচুপিবলৈ ধৰে )
| মূৰ্ত্তিমতী— | কি কলি মোৰ বোপাই বেমাৰ। মোৰ বোপাই
টোৰ চাগৈ কিমান কষ্ট হৈছে। বাপেৰে মুৰা মুৰিলৈহে থাকে। |
(প্ৰস্থান )
ভগবানৰ প্ৰাৰ্থনা।
⸻⸻
তৃতীয় দৃশ্য—গনেশৰ ঘৰ।
| গনেশ— | উইভিং মাষ্টৰজন আহিম বুলি আজিলৈকে নাহিল।
মানুহটো হলে বেয়া নহয়। পইটা গোটাচেৰেক সৰকাব পাৰিম যেন লাগিছে। তাতে নিৰ্ম্মলো নাই। সময়তে বৰ ভাল হৈছে। |
(এনেতে বাজৰ পৰা হীৰালালে মাত লগাই )
| হীৰালাল— | গনেশ বাবু আছেনে? |
| গনেশ— | আছো। ইয়ালৈকে আহক ( হীৰালালাৰ প্ৰবেশ )
আপোনাৰ কথা এইমাত্ৰ ভাবিছিলো। মানুহজন এই আহিম বুলি নাহিল কিয়? ভাবিছিলো বোলো আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ আহিবলৈ বেয়াকে পালে কিস্তানি? |