সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
স্বাৰ্থৰ সমাজ।


লৈ আহিছে। কাইলৈ আবেলিৰ গাড়ীত পাবহি। (প্ৰস্থান)

( ভাৰতীয়ে শুনি উচুপিবলৈ ধৰে )

মূৰ্ত্তিমতী— কি কলি মোৰ বোপাই বেমাৰ। মোৰ বোপাই

টোৰ চাগৈ কিমান কষ্ট হৈছে। বাপেৰে মুৰা মুৰিলৈহে থাকে।

(প্ৰস্থান )

ভগবানৰ প্ৰাৰ্থনা।

⸻⸻

তৃতীয় দৃশ্য—গনেশৰ ঘৰ।

গনেশ— উইভিং মাষ্টৰজন আহিম বুলি আজিলৈকে নাহিল।

মানুহটো হলে বেয়া নহয়। পইটা গোটাচেৰেক সৰকাব পাৰিম যেন লাগিছে। তাতে নিৰ্ম্মলো নাই। সময়তে বৰ ভাল হৈছে।

(এনেতে বাজৰ পৰা হীৰালালে মাত লগাই )

হীৰালাল— গনেশ বাবু আছেনে?
গনেশ— আছো। ইয়ালৈকে আহক ( হীৰালালাৰ প্ৰবেশ )

আপোনাৰ কথা এইমাত্ৰ ভাবিছিলো। মানুহজন এই আহিম বুলি নাহিল কিয়? ভাবিছিলো বোলো আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ আহিবলৈ বেয়াকে পালে কিস্তানি?