এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
স্বাৰ্থৰ সমাজ ।
| আই দেউতা ) তামোল এটা লৈ আহ। এটাইবোৰ
কোলেই হব হো। ভালৰ ভাল কথা। মই হলে এটা কথাততে বৰ দুখ পাইছো দেও। সেই তাৰ ঘৈণীয়েক জনীলৈ মনত পৰি। ছোৱালী জনী হলে বৰ ভাল। আমাৰ বোৱাৰী বোৰৰ নিচিনা নহয়। আমাৰ আজি দুবছৰ তিনিবছৰ হ'ল ভালকৈ আই বুলিয়ে নেমাতে। কব লগাটো কোনো মতে হেলিয়াই টেলিয়াইতে কয়। দেহি ছোৱালী জনীৰ চাগৈ বৰ দুখ হৈছে। তাইৰ কপাল খনো! মই বাৰু শাহুৱেকক সুধি চামগৈ। |
| জেঃ মাক— | মোৰ কথা হলে নকব। |
| দেবেনৰ মাক— | তুমি ভয় নকৰিবা।
মই বাৰু তোমাৰ কথা নকওঁ। |
| জো মাক— | কি কৰে কৰিব, মোক হলে বিপদত নেপেলাব। |
| দেঃ মাক— | থোৱা দেও, তোমাৰ আৰু ভয়টো।
মোৰো গাৱঁৰ পৰা পাক এটা মাৰি আহিবৰ মন আছিল, বেলি গধুলিয়েই হ'ল। (এনেতে মাধই তামোল-পান আনে) |
| মাধ— | আই দেউতা তামোল এইয়া। |
| দেঃ মাক— | তইনো অথনিৰ পৰা ক'লে গৈছিলি অ', মাতি
থাকিলেও পাবলৈ নাই। |
| মাধ— | কলৈকো যোৱা নাই আই, তামোল গাঁতৰ পৰা
উলিয়াইহে আনিছো। |