সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
স্বাৰ্থৰ সমাজ ।


কিমান লগাই যুজাই ফুৰা দেখিছা।
জেঃ মাক— এৰা পাপ কথা জানো লুকাই থাকিব। বাক

আপুনি খালি কাকো নকব।

দেঃ মাক — ভয় নকৰিবা মই কাকো নকওঁ। কলেনো

আমাক কোনে শূলত দিব।

জেঃ মাক― লৰাটো কলিকতালৈ গৈছিল নহয়। সি বোলে

তাত তেনেই গুচিল জাত কুল এৰিলে।

দেঃ মাক — অ' সেইটো গম পাইছো।
জেঃ মাক— সি বোলে তাত মদৰ পৰা মুখ নুগুচুৱাই

হ'ল। বাপেকে বোলে কিবা কাৰবাৰ এটাত লগাইছিল। সি কাৰবাৰ এৰি মদ খাই নটীৰ ঘৰত হে ঠাই লৈছে।

দেঃ মাক— থোৱা দেও, তুমি তেনেবোৰ কথা ক'ত শুনিলা।
জেঃ মাক— মই এনেয়ে সাজি কোৱা নাই।

আমাৰ ভতিজাটোও তাতে আছেগৈ নহয়; সি বোলে ঘৈণীয়েকলৈ লিখিছিল। মই আজি তাইৰ মুখে শুনিলো।

দেঃ মাক— কি কৰিবা, আজিকালি লৰাবোৰ একেবাৰে

গুচিল। চোৱাচোন বাপেকে যেনিবা ইমান কষ্ট কৰি ধন ঘটিলে নি মদ খাই নটিনীৰ ডিঙ্গিত আঁৰিবলৈহে। আমাৰ লৰাই কৰা হলে....

জেঃ মাক— এটাইবোৰ তেনে হবনে? আমাৰ হলে ভতিজা

লৰাটোৰ তেনে নাই।

দেঃ মাক— হেৰ মাধ— (মাধই ভিতৰৰ পৰা

মাত লগাই