সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি।

 আমাৰ সমাজৰ কেই গৰাকীমান দুৰ্ভগীয়া বিধবা ব্ৰাহ্মণীৰ বিলাই-বিপত্তিয়েই এই নাটক খনি লিখিবলৈ মোক কলম ধৰায়। অলপীয়া বিদ্যা-বুদ্ধিৰে এনে অযথা সাহস কৰাতো অন্যায় হলেও নামঘোষাত শ্ৰীশ্ৰীমাধৱদেৱে লিখা—

“অধমে কেবল দোষ লৱয় মধ্যমে গুণ
দোষ লৱে কৰিয়া বিচাৰ।
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্পগুণ কৰিয়া বিস্তাৰ॥

 ঘোষা ফাকিৰ আশ্বাসত অনুপ্রাণিত হৈ এই নাটক খনি লিখি প্ৰকাশ কৰিলো। ইয়াত উল্লেখ কৰা সামৰণিত বাজে প্রায় খিনিয়েই প্রকৃত ঘটনা, তাতে মাথোন অলপ ৰং-ৰহণ সনা হৈছে ।

 হাতে লিখা অৱস্থাতে নাটক খনি মোৰ পূজনীয় শ্ৰীযুত চক্ৰধৰ বৰুৱা সাহিত্য ৰত্ন দেৱে অনুগ্ৰহ কৰি আগৰ পৰা গুৰিলৈকে বৰ মনযোগেৰে পঢ়ি মন্তব্য কৰে যে ই