সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
স্বাৰ্থৰ সমাজ ।


নিশ্চয় প্ৰমীলা! তুমি মোৰ জীৱনে মৰণে পত্নী

হবা। তোমাৰ পৰা মোৰ এই ব্ৰতত বিশেষ উপকাৰ হব।

প্ৰমীলা — এতিয়াও সমাজ! সমাজৰ মতামতৰ ওপৰত নিৰ্ভৰ

কৰিহে আপুনি বিয়া কৰাব? হে সমাজ! আজি চকু মেলি চোৱা—বাল্য বিধবাক কুমাৰীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি কি বাবে। হে সমাজ! তোমালোকে বিধবাৰ হৃদয়ৰ বেদনা নেজানা, আৰু বিধবাৰ কৰুন কান্দোনলৈ অলপো কাণ নকৰা। বিধবা বিবাহ কৰালে পুৰুষৰ চৰিত্ৰ বেয়া হব বুলি যিবিলাকে আশংকা কৰে তেওঁবিলাকক কওঁ যে সেইটো তেওঁবিলাকৰ ভূল। বাল্য বিধবাৰ পুনৰ বিবাহ নোহোৱাৰ কাৰণেই পৰ পুৰুষৰ সংস্পৰ্শত দেশত কত ভয়ানক ভয়ানক পাপ কাম হব লাগিছে, মনে মনে ভ্ৰূণ হত্যা কৰিছে, সোনৰ সংসাৰ নৰকত পৰিণত কৰিছে তাৰ লেখ জোখ নাই। সমাজে কিন্তু তালৈ কেৰেপকে নকৰে। মই জানো ক'ত বালা বিধবাই যৌবনত ভৰি দি আত্ম দমন কৰিব নোৱাৰি কুলৰ কলঙ্ক আনিছে। লজ্জাত পৰি কতই সমাজক পদাঘাট কৰি কত চাহাবৰ অভিলাষ পূৰ্ণ কৰিছে। হে সমাজ! তথাপিও বিধবা বিবাহৰ প্ৰয়োজনীয়তা তোমালোকে অনুভব নকৰা।