সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
স্বাৰ্থৰ সমাজ।


তাঁত খন বান্ধতে আছে। মোৰো গা বৰ ভাল নহয়।

পিচত গা ভাল পালে খবৰ খাতি লৈ ময়েই আনিমগৈ?

হীৰা— আইদেউ! বেয়া পাইছানে কি?
প্ৰমীলা— ( নিমাত )
হীৰা— আইদেউ! নমতা হলা দেখোন? তোমাৰ দুখ দেখিলে

বেয়া লাগে আৰু তোমালৈ মোৰ বৰ মৰম লাগে। তুমি নেজানা তোমাক যে মই কিমান ভাল পাওঁ।

প্ৰমীলা— আপুনি এনে কথা নকব। মইনো আপোনাক

কি উপকাৰ কৰিছো।

হীৰা— তুমি অসন্তষ্ট হৈছা কিয়? বেজাৰ কৰিছা কিয়?

তোমাক যে মই ভাল পাওঁ।

প্ৰমীলা— আপুনি এনে কথা নকব। আপুনি ইয়াৰ পৰা

গুচি যাওক, মোৰ এতি আপোনাৰ ব্যৱহাৰ ভাল হোৱা নাই।

হীৰা— ক্ষমা কৰিবা, তুমি যে মোৰ সৰ্ব্বস্ব। মই তোমাৰ

কাৰণে প্ৰাণত্যাগ কৰিবলৈকো কুণ্ঠিত নহওঁ।

প্ৰমীলা — আপোনাৰ এনে দুৰ্বলতাৰ কথা শুনি বৰ বেয়া

পালো। তুচ্ছ এজনী অৱলাৰ কাৰণে আপুনি প্ৰাণ ত্যাগ কৰিব নালাগে।

হীৰা— প্ৰমীলা, তুমি বুজিব পৰা নাই মোৰ এই হিয়াৰ

ফলিত তোমাৰ এই ৰূপ মাধুৰী কি দৰে অঙ্কিত হৈছে। প্ৰমীলা, তোমাৰ সেই ৰূপ লাৱণ্য মোক এবাৰ হিয়া