এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
স্বাৰ্থৰ সমাজ।
বিয়া কৰাব। সেই গুণে বামুণৰ লৰাটো নষ্ট হোৱাতকৈ
আমি এটা বুদ্ধি পাঙিছিলো।
হীৰা—কিনো বুদ্ধি কোৱাচোন।
| গনেশ— | এইবোৰ উৎপাত হোৱাতকৈ তাইক নি ভোমোৰা-
গুৰী বাগিচাৰ মেনেজাৰ চাহাবকে দিবলৈ কৰিছিলো। চাহাবটোৰ মেমো নাই। সেই গুণে সি এজনী অসমীয়া ছোৱালীকে বিচাৰিছে। যিয়ে দিব পাৰিব তাক হেনো কাম-কাজ এটাও দিবা। |
| হীৰা— | তোমালোকে তেনে কাম নকৰিবা। মোক বন্দবস্ত
কৰি দিবা, ময়েই যি হয় দিম। |
| গনেশ— | কোনো কথা নাই। ( স্বগতঃ ) ভাল দাওঁটো
পাইছো। কেনে হয় চাওঁ। নিৰ্ম্মলৰো মুদা মৰিব। ( প্ৰকাশ্যে) চাহাবক দিয়াতকৈ আপোনাকে আনি দিম। কোনো কথা নাই। আপুনি সেই বিষয়ে চিন্তাকে নকৰিব। |
| হীৰা— | বাৰু,এতিয়া যাওঁ। মই আকৌ আহিম। ( যাব
খুজি ) অ' গুণাখিনি মোক দিয়া। |
| গনেশ— | যদি নিৰ্ম্মলে বিচাৰে, তেন্তে কি কম? |
| হীৰা — | ইয়াৰনো দাম কিমান? |
| গনেশ— | বেচি নহয়; চাৰি টকা আঠ অনা। |
| হীৰা — | হোৱা তেন্তে। এইয়া টকা লোৱা। ( জেপৰ পৰা
টকা উলিয়াই দিয়ে) টকাকে তেওঁক দি দিবা আৰু |