সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
স্বাৰ্থৰ সমাজ।


বিয়া কৰাব। সেই গুণে বামুণৰ লৰাটো নষ্ট হোৱাতকৈ আমি এটা বুদ্ধি পাঙিছিলো।

হীৰা—কিনো বুদ্ধি কোৱাচোন।

গনেশ— এইবোৰ উৎপাত হোৱাতকৈ তাইক নি ভোমোৰা-

গুৰী বাগিচাৰ মেনেজাৰ চাহাবকে দিবলৈ কৰিছিলো। চাহাবটোৰ মেমো নাই। সেই গুণে সি এজনী অসমীয়া ছোৱালীকে বিচাৰিছে। যিয়ে দিব পাৰিব তাক হেনো কাম-কাজ এটাও দিবা।

হীৰা— তোমালোকে তেনে কাম নকৰিবা। মোক বন্দবস্ত

কৰি দিবা, ময়েই যি হয় দিম।

গনেশ— কোনো কথা নাই। ( স্বগতঃ ) ভাল দাওঁটো

পাইছো। কেনে হয় চাওঁ। নিৰ্ম্মলৰো মুদা মৰিব। ( প্ৰকাশ্যে) চাহাবক দিয়াতকৈ আপোনাকে আনি দিম। কোনো কথা নাই। আপুনি সেই বিষয়ে চিন্তাকে নকৰিব।

হীৰা— বাৰু,এতিয়া যাওঁ। ম‍ই আকৌ আহিম। ( যাব

খুজি ) অ' গুণাখিনি মোক দিয়া।

গনেশ— যদি নিৰ্ম্মলে বিচাৰে, তেন্তে কি কম?
হীৰা — ইয়াৰনো দাম কিমান?
গনেশ— বেচি নহয়; চাৰি টকা আঠ অনা।
হীৰা — হোৱা তেন্তে। এইয়া টকা লোৱা। ( জেপৰ পৰা

টকা উলিয়াই দিয়ে) টকাকে তেওঁক দি দিবা আৰু