সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
স্বাৰ্থৰ সমাজ।


তাক জোৰাব নোৱাৰে। নতুন ব্যৱস্থা কৰিবলৈ তেনে

মানুহ ওলোৱা নাই। অৱশ্যে তুমি ইচ্ছা কৰিলে এনেয়ে এজনলৈ যাব পাৰিবা, কিন্তু সমাজত—

প্ৰমীলা— তুমি তেনেহলে বাল্য বিধবাৰ পুনৰ বিবাহ হোৱাত

সহানুভূতি নেদেখুউৱা? তুমি মোৰ নিচিনা কম বয়সীয়া বিধবাৰ দুখ কেনেকৈ বুজিবা? চোৱাচোন, ভাল অলঙ্কাৰ- পাতি পিন্ধিব নোৱাৰো, সেন্দুৰ ল'ব নোৱাৰা, ভাল কাপোৰ-কানি পিন্ধিব নোৱাৰো মাছ-মাংস যাব নোৱাৰো। পুৰুষন হলে এইবোৰ বাধা-বিযিনি একোৱেই নাই আৰু পুনৰ বিয়া কৰাব পাৰে কিন্তু ডিৰোতাই নোৱাৰে। পুৰুষৰ যিমান বাৰ ইচ্ছা বিয়া কৰাবলৈ শাস্ত্ৰত লিখিলে কিন্তু তিৰোতাৰ বেলিকা হলে সেই নিয়ম নেথাকে। এই বিলাক পুৰুষবিলাকৰ স্বাৰ্থপৰতা নহয়নে?

ভাৰতী— সমাজত আগৰে পৰা এইদৰেই চলি আহিছে।
প্ৰমীলা — বোধ কৰো পঢ়িছা – তাৰা, মন্দোদৰী আদি যি

বিলাকৰ নাম নলেও মহাপাপ নাশ হয় তেওঁবিলাকেও পুনৰ বিয়া কৰাইছিল। তথাপিও তুমি কোৱানে যে দ্বিতীয়বাৰ পতি বৰণ বিধি-সঙ্গত নহয়? হত ভাগিনী বিধবা! তাইৰ কৰ্তব্য মাথো নন্দেক আদিৰ পদসেৱা পুৰুষে বুঢ়া কালতো একোজনী সৰু ছোৱালী বিয়া কৰাব পাৰে৷ কিন্তু স্বামী কাক বোলে নাজানে, এনে এজনী ছোৱালীয়ে বিধবা হলে পুনৰ পতি বৰণ কৰিব