সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
স্বাৰ্থৰ সমাজ।
—তোমাৰ স্বামীৰ চৰণ চিন্তাৰ বাহিৰে আৰু গতি নাই। তুমি বাৰু কি কৰিবা!
প্ৰমীলা— কেলেই? দ্বিতীয়বাৰ বিবাহ কৰাব নোৱাৰিমনে? পুৰুষে যে স্ত্ৰীৰ মৃত্যুৰ নৌ চাৰি দিন হওতেই পুনৰ বিবাহ কৰাব পাৰে তিৰোতাই নো কিয় নোৱাৰিব?
ভাৰতী— শুনা, পুৰুষ যি বিলাকে পুনৰ বিবাহ কৰে সেই বিলাকে তেওঁবিলাকৰ ঘৰ নচলাৰ বাবে, আৰু লৰা-ছোৱালী নেথাকিলে পুত্ৰ-মুখ দৰ্শন কৰি নৰকৰ পৰা উদ্ধাৰ হবৰ কাৰণেহে কৰে।
প্ৰমীলা - পুত্ৰ নহলে তিৰোতাই নো নৰকৰ পৰা উদ্ধাৰ পায় কেনেকৈ? আৰু অনেকক দেখিছো লৰা-ছোৱালী নেলাগে নাতি-পুতি হওতেও বিয়া কৰায়। সেই বিলাক একা?
ভাৰতী— যি বিলাকে ইমান সুবিধা থকা সত্ত্বেও বিয়া কৰায় সেই বিলাকে অৱশ্যে ইন্দ্ৰিয় পৰিতৃপ্তিৰ কাৰণেই কৰায়?
প্ৰমীলা— পুৰুষে যেতিয়া ইমানবোৰ সুবিধা থকাতো বিয়া কৰায় তিৰোতাই নোৱাৰিব কিয়?
ভাৰতী— আজি কালি শুনিছো — বিধবা বিবাহ চলাবৰ কাৰণে বৰ যত্ন চলিছে কিন্তু হৈ উঠা নাই, —আৰু ব্ৰাহ্মণ পণ্ডিত সকলেও ভাল নেদেখে।
প্ৰমীলা — যদি শাস্ত্ৰত নাই তেন্তে এতিয়াও শুধৰাই ললেই হয়। শাস্ত্ৰতো আগেয়ে মানুহে হে কৰিছিল।
ভাৰতী— কাঁহৰ বাচন ভাগিলে পুনৰ সাঁচত নিদিয়ে মানে