এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
স্বাৰ্থৰ সমাজ।
| উজিৰ— | থোৱা সেইবোৰ কথা। ভাই মদ এবটল আন খাও
- তাতে তই যাবিগৈয়ে। |
| নগেন— | এবটলে কি হব। হো এইয়া পইচা নে, লৈ আহগৈ।
( নগেনে জেপৰ পৰা পইচা উলিয়াই দিয়ে আৰু উজিৰে লৈ প্ৰস্থান ) |
| ( স্বগতঃ) ইহঁতো মোৰ লগৰেই, তালৈ যদি হীৰালালে
নিব পাৰে, মোৰ সুবিধা হব। |
| হীৰা— | মুকুন্দ ভাই, তুমি এটা বুদ্ধি দিয়া। |
| মুকুন্দ— | ক'ত বুদ্ধি আছে! তাৰ বাবে তুমি চিন্তাকে নকৰিবা। |
| হীৰা— | পিছে ভাই তোমাৰ এড্ৰেচটো দিয়া তুমি গলেগে
চব মিছা হব। |
| নগেন— | দিম বাৰু, তুমি ভাই ভয় নকৰিবা। সেই খিনি
পালেগৈ তোমাক কোনে ধৰে? ছোৱালীজনী বিয়া দিলেনে? |
| মুকুন্দ— | দিছিল। বিধবা হল। |
| নগেন — | তেনেহলে একো ভয় নাই। আমাৰ গাওঁৰ মানুহ-
বোৰ একেবাৰে ভোদা। তুমি যত্ন কৰিলেই পাৰিবা। (মদ লৈ উজিৰৰ প্ৰবেশ, সকলোৱে মদ খায়- নগেনে বেচিকে খায় ) |
| মুকুন্দ— | নগেন ভাই, তই বহুত বেচি খাইছ—কেনেবাকৈ
বাটত গোলমাল কৰিবি ভাই। আৰু নাখাবি। |