সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
স্বাৰ্থৰ সমাজ।


উজিৰ— থোৱা সেইবোৰ কথা। ভাই মদ এবটল আন খাও

- তাতে তই যাবিগৈয়ে।

নগেন— এবটলে কি হব। হো এইয়া পইচা নে, লৈ আহগৈ।

( নগেনে জেপৰ পৰা পইচা উলিয়াই দিয়ে আৰু উজিৰে লৈ প্ৰস্থান )

( স্বগতঃ) ইহঁতো মোৰ লগৰেই, তালৈ যদি হীৰালালে

নিব পাৰে, মোৰ সুবিধা হব।

হীৰা— মুকুন্দ ভাই, তুমি এটা বুদ্ধি দিয়া।
মুকুন্দ— ক'ত বুদ্ধি আছে! তাৰ বাবে তুমি চিন্তাকে নকৰিবা।
হীৰা— পিছে ভাই তোমাৰ এড্ৰেচটো দিয়া তুমি গলেগে

চব মিছা হব।

নগেন— দিম বাৰু, তুমি ভাই ভয় নকৰিবা। সেই খিনি

পালেগৈ তোমাক কোনে ধৰে? ছোৱালীজনী বিয়া দিলেনে?

মুকুন্দ— দিছিল। বিধবা হল।
নগেন — তেনেহলে একো ভয় নাই। আমাৰ গাওঁৰ মানুহ-

বোৰ একেবাৰে ভোদা। তুমি যত্ন কৰিলেই পাৰিবা। (মদ লৈ উজিৰৰ প্ৰবেশ, সকলোৱে মদ খায়- নগেনে বেচিকে খায় )

মুকুন্দ— নগেন ভাই, তই বহুত বেচি খাইছ—কেনেবাকৈ

বাটত গোলমাল কৰিবি ভাই। আৰু নাখাবি।