এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
স্বাৰ্থৰ সমাজ।
| তুমি মোৰ স্বামীক ৰক্ষা কৰিবা। (প্ৰকাশ্যে) বাৰূ
আই মই সকলোবোৰ ঠিক কৰোগৈ। |
( প্ৰস্থান )
| মূৰ্ত্তি— | বোধ কৰো সি এইক বাৰু নেপায়। অইন লৰাই
ঘৈণীয়েকৰ লগত এনেদৰে ব্যবহাৰ কৰা দেখা নাই। এইক তাৰ লগতে পঠিয়াই দিম নে কি? (অলপ ৰৈ) বাৰু কিবা এটা কৰিব লাগিব। এবাৰ তাকো লৈ যাবলে কমচোন কি কয়। (প্ৰস্থান ) |
⸻⸻
৪ৰ্থ দৃশ্য—হীৰালালৰ ঘৰ।
[ মুকুন্দ, হীৰালাল আৰু উজিৰৰ প্ৰবেশ। ]
| মুকুন্দ— | ভাই হীৰালাল। নগেন্দ্ৰ গ'লনে কি? |
| হীৰা— | মই কেবাদিনো লগ পোৱা নাই, কব নোৱাৰো।
( নগেনৰ প্ৰবেশ ) তই বহুত দিন জীবি ভাই। তোৰ নাম লওতেই তই ওলালিহিয়েই। পিছেনো কাহানিকৈ যাবি? |
| নগেন্দ্ৰ— | ভাই যাবলৈ ওলাই আহিলোৱেই। |
| মুকুন্দ— | সঁচাকৈয়েনে কি? |
| নগেন্দ্ৰ— | সচাঁকৈয়ে আকৌ। মুকুন্দ ভাই তহঁত একেবাৰে
খালত সোমাই আছ হেৰ। অন্ততঃ এবাৰ কলিকতাখন চাই ল। |