সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
স্বাৰ্থৰ সমাজ।

(মূৰ্ত্তিমতীৰ প্ৰবেশ)

মূৰ্ত্তি— হেৰ চাৰি পাঁচ বছৰৰ মূৰত লৰাটো আৰু শহুৰেৰ ঘৰলৈ আহিব, তই অলপ খোৱা-বোৱাৰ দিহা কৰহি। সদায়নো প্ৰমীলাৰ সৈতে কিহৰ মেল মাৰি থাক! (প্ৰমীলালৈ চাই ) প্ৰমীলা আইটী তোমাক চাগৈ ঘৰত বিচাৰি ফুৰিছে। তুমি ইয়ালৈ অহা কব পাৰে জানো?
প্ৰমীলা - পাৰে বুঢ়ী আই, বোৱাৰীয়েকৰ লগত কথা পাতি ভাল পাওঁ, সেই বাবেহে আহো। মোৰনো আৰু কিহৰ চিন্তা বুঢ়ী আই?
মূৰ্ত্তি— নহয় আই বেজাৰ নকৰিবা। বামুণৰ ছোৱালী সৰুতে বিধবা হলা, কি কৰিবা! কপাল, আইটী! এতিয়া তোমাৰ মাত্ৰ ঈশ্বৰ আৰাধনা আৰু মৃত স্বামীৰ সদগতিৰ কাৰণে ঈশ্বৰক খটায়েহে ঘাই কথা—সেয়েহে তোমাৰ মুক্তিৰ পথ।
ভাৰতী— আই সেইবোৰ কথা তেওঁক নকব। বেয়া পায়। ( প্ৰমীলালৈ চাই ) তুমি যোৱাগৈ মাজে সময়ে আহিবাচোন—ময়ো অকলশৰীয়া।
মূৰ্ত্তি— ওঁ, ঘৰত আৰু তাইৰ কাম নাই নহয়! তোমাৰ লগত খেল মাৰিলেই হবনে?

(প্ৰমীলালৈ চাই ) আইটী তাত-সুত কিবা লগাইছানে?