এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
স্বাৰ্থৰ সমাজ।
(মূৰ্ত্তিমতীৰ প্ৰবেশ)
| মূৰ্ত্তি— | হেৰ চাৰি পাঁচ বছৰৰ মূৰত লৰাটো আৰু শহুৰেৰ ঘৰলৈ আহিব, তই অলপ খোৱা-বোৱাৰ দিহা কৰহি। সদায়নো প্ৰমীলাৰ সৈতে কিহৰ মেল মাৰি থাক! (প্ৰমীলালৈ চাই ) প্ৰমীলা আইটী তোমাক চাগৈ ঘৰত বিচাৰি ফুৰিছে। তুমি ইয়ালৈ অহা কব পাৰে জানো? |
| প্ৰমীলা - | পাৰে বুঢ়ী আই, বোৱাৰীয়েকৰ লগত কথা পাতি ভাল পাওঁ, সেই বাবেহে আহো। মোৰনো আৰু কিহৰ চিন্তা বুঢ়ী আই? |
| মূৰ্ত্তি— | নহয় আই বেজাৰ নকৰিবা। বামুণৰ ছোৱালী সৰুতে বিধবা হলা, কি কৰিবা! কপাল, আইটী! এতিয়া তোমাৰ মাত্ৰ ঈশ্বৰ আৰাধনা আৰু মৃত স্বামীৰ সদগতিৰ কাৰণে ঈশ্বৰক খটায়েহে ঘাই কথা—সেয়েহে তোমাৰ মুক্তিৰ পথ। |
| ভাৰতী— | আই সেইবোৰ কথা তেওঁক নকব। বেয়া পায়। ( প্ৰমীলালৈ চাই ) তুমি যোৱাগৈ মাজে সময়ে আহিবাচোন—ময়ো অকলশৰীয়া। |
| মূৰ্ত্তি— | ওঁ, ঘৰত আৰু তাইৰ কাম নাই নহয়! তোমাৰ লগত খেল মাৰিলেই হবনে? (প্ৰমীলালৈ চাই ) আইটী তাত-সুত কিবা লগাইছানে? |