সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
স্বাৰ্থৰ সমাজ।
নিৰ্ম্মল— মই লিখিবলৈ হাক দিয়া নাই।
পুৰু— পিচেনো তেন্তে কিহৰ কথা কৈছা?
নিৰ্ম্মল— আমাৰ সমাজত এইটো এটা বৰ বেয়া নিয়ম হৈছে বিধবাৰ পুনৰ সংস্কাৰ নোহোৱা। তাৰ বাবে আপোনালোকে কোনেও যত্ন নকৰে।
পুৰু— বোপা! বিধবাৰ আৰু উপাই নাই। দ্বিতীয় সংস্কাৰ হ'ব পৰা কোনো বিধি-শাস্ত্ৰত পোৱা নাই।
নিৰ্ম্মল— পাবলৈ আপোনালোকে যত্নও কৰা নাই।
পুৰু— যত্ন কৰিলেও মিছা। ৰঘুনন্দন ভট্ট আদিয়ে যি স্থূলত নোৱাৰিলে আমি কোন কুটা।
নিৰ্ম্মল — যদিহে নোৱাৰে—

নষ্টে মৃতে প্ৰবজিতে পতিতে চ মৃত পতৌ,
পঞ্চ আপৎসু নাৰীনাং পতিৰণ্য বিধিয়তে।

এই শ্লোকটো কিছু আছে?

পুৰু— সেইটো বাগদত্তা কন্যাৰ বিষয়েতহে।
নিৰ্ম্মল— বাৰু তেন্তে এইটো শুনকচোন। “পাণি গ্ৰহে মৃতে বালা কেবলং মাত্ৰ সংস্কৃতা। না চ অক্ষত যোনিসাং পুনঃ সংস্কাৰ বিধিয়তে॥” এইটোৱে কি কলে?
পুৰু— এইটোও সেই একেই।
নিৰ্ম্মল— এইটো একে কেতিয়াও হব নোৱাৰে। কাৰণ ব্ৰাহ্মণৰ বাগ্দত্তা কন্যাৰ বিয়াৰ আগতে স্বামীৰ সঙ্গ কেতিয়াও নহয়। বিয়া দিয়াৰ পাচতে যিবিলাক স্বামীৰ ঘৰলৈ