সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
স্বাৰ্থৰ সমাজ।
ভাৰতী— সেইটো হয়; কৰ্ম্মফল ঘুৰাব পাৰে সচাঁ। যদিহে ভগবানৰ চৰণত আত্ম-সমৰ্পণ কৰিব পাৰে।
শশী— মই দেখোতে তুমি তেওঁক বিয়া কৰাবলৈ ভাবিয়েই ললা। মই হলে এনেদৰে নোৱাৰো দেও।
ভাৰতী— তোমালোক ধনী মানুহ। মই শুনিবলৈ পাইছে৷ তোমাক তেনো মগন গাওঁবঢ়াৰ পুতেকলে ঠিক কৰিছে। তুমি আৰু উকিলনীহে হবা দেও।
শশী— তুমি কেনেকৈ গম পালা?
ভাৰতী— তুমিতে নোকোৱা মই গম পাইছো। পিচে তুমি চিঠি-পত্ৰ দিছানে নাই?
শশী — তোমাক মিছা নকও দেও, দিছো। উত্তৰহে পোৱা নাই। তাতে এটা কথাহে। তেওঁবিলাকৰ ন-বৌৱেকহঁতে এতিয়াও ভূঁই-কঠীয়া ৰোৱে। একেবাৰে চহা দেও।
ভাৰতী— তুমি ভাল কৰি লবা।
শশী – সেই কাৰণে হে মই চিঠি-পত্ৰ দিছো। কি কৰিব পাৰো চাওঁ।
ভাৰতী— তোমালোকৰ টকা আছে; দেউতাৰাই হেজাৰচেৰেক মান দিলে সেইবোৰ কাম এৰি দিব।
শশী – (হাতৰ ঘড়ীলৈ চাই) আজি তোমাৰ ইয়াত বহুত দেৰি কৰিলোহি। অনেক কথা পাতিলো দেও। মোন চাগে “মিউজিক মাষ্টৰ” আহি বহিহে আছেহি।