এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
স্বাৰ্থৰ সমাজ।
| ভাৰতী— | সেইটো হয়; কৰ্ম্মফল ঘুৰাব পাৰে সচাঁ। যদিহে ভগবানৰ চৰণত আত্ম-সমৰ্পণ কৰিব পাৰে। |
| শশী— | মই দেখোতে তুমি তেওঁক বিয়া কৰাবলৈ ভাবিয়েই ললা। মই হলে এনেদৰে নোৱাৰো দেও। |
| ভাৰতী— | তোমালোক ধনী মানুহ। মই শুনিবলৈ পাইছে৷ তোমাক তেনো মগন গাওঁবঢ়াৰ পুতেকলে ঠিক কৰিছে। তুমি আৰু উকিলনীহে হবা দেও। |
| শশী— | তুমি কেনেকৈ গম পালা? |
| ভাৰতী— | তুমিতে নোকোৱা মই গম পাইছো। পিচে তুমি চিঠি-পত্ৰ দিছানে নাই? |
| শশী — | তোমাক মিছা নকও দেও, দিছো। উত্তৰহে পোৱা নাই। তাতে এটা কথাহে। তেওঁবিলাকৰ ন-বৌৱেকহঁতে এতিয়াও ভূঁই-কঠীয়া ৰোৱে। একেবাৰে চহা দেও। |
| ভাৰতী— | তুমি ভাল কৰি লবা। |
| শশী – | সেই কাৰণে হে মই চিঠি-পত্ৰ দিছো। কি কৰিব পাৰো চাওঁ। |
| ভাৰতী— | তোমালোকৰ টকা আছে; দেউতাৰাই হেজাৰচেৰেক মান দিলে সেইবোৰ কাম এৰি দিব। |
| শশী – | (হাতৰ ঘড়ীলৈ চাই) আজি তোমাৰ ইয়াত বহুত দেৰি কৰিলোহি। অনেক কথা পাতিলো দেও। মোন চাগে “মিউজিক মাষ্টৰ” আহি বহিহে আছেহি। |