সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
স্বাৰ্থৰ সমাজ।
শশী— কেলেই! তোমালোকৰ চাকৰ-নাকৰ নাই জানো? মই হলে ঠাই সৰা-মচা, লেতেৰা কামবোৰ কৰিবলৈ বৰ বেয়া পাও দেও। ঠাই-ঠুই মচিলে হাতৰ আঙ্গুলি আৰু আঙঠিবোৰ বৰ বেয়া হয়, খেতোবোৰ দেখিছো নহয় তামোল কাটোতে আঙ্গুলিবোৰৰ গতি। সেইবোৰ দেখিলে তাইহঁতৰ হাতে কটা তামোল এখন খাবলৈও ঘিণ লাগে দেও। মই দেখোতে ঠাই মচা, তামেाল কটা কামবোৰ উঠাই দিব লাগে-- কত দামৰ অলঙ্কাৰ বেয়া হয়। ইংৰাজবোৰে ভাল কৰে দেও―মেজত খায় আৰু তামোলো নেখায়।
ভাৰতী— তুমিনো ঘৰত কি কি বন কৰা? মই হলে দেও আটাইবোৰ কৰিব লাগে।
শশী— আগেয়ে আমাৰ ঘৰতো তেনেকুৱা বেয়া নিয়মবোৰ আছিল, ককাইদেউহঁত কলেজৰ পৰা অহাৰ পাচত সেই বোৰ নিয়ম উঠাই দিছে। আমাক পঢ়িব শুনিবলৈ কয়, গান-বাজনা, বেজীৰ কাম শিকিবলৈ কয় আৰু সদায় চাফা চিকোণ কাপোৰ-কানি পিন্ধিবলৈ কয়।
(ভাৰতীৰ হাতলৈ চাই) সেইবোৰ তোমাৰ হাতত কিহৰ ৰং লগালা? –হাত খন একেবাৰে দেখিবলৈ ঘিণ লগা কৰিলা।
ভাৰতী— এৰা দেও বিহুত ল'ৰা-ছোৱালীবোৰক জেটুকা বাতি দিওতে মোৰ হাততো ৰং ধৰিলে।