এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮
স্বাৰ্থৰ সমাজ।
| ধেনু— | তোমাৰ হলে বৰ বুদ্ধি। যেনে তেনে
সৰকোৱা। |
| নগেন— | দেউতা কামলৈ গলেই সৰকাৱ পাৰিম, পিচে অলগ
দেৰিহে হ'ব। মই বাৰু যাওঁ। তুমি ঠিক থাকিবা দেই। |
( নগেনৰ প্ৰস্থান )
| ধেনু— | ( অকলে গান গাই প্ৰস্থান।) |
গান।
| “পুহ মহীয়া পকা অঙঠা" আদি গাই গাই প্ৰস্থান। |
⸻⸻
৩য় দৃশ্য ৰজনীকুমাৰৰ ঘৰ।
| ৰজনী— | বুইছা ভালেই হৈছে। মোকো কলিকতাৰ গাদীলৈ বদলি কৰিছে,
তাৰ ঘাই জন কৰ্ম্মচাৰী মৰা বাবে। মই ভালকে পাইছো; পিছে মই লৰাটোৰ বিয়া খন পাতি থৈহে যাওঁ বুলিছো। মহাজনক অলপ টকাৰ সহায়ো বিচাৰিছো। |
| মূৰ্তি— | আপুনিও যাব, বৰ ৰোপাকো লৈ যাব। মইনে।
অকলৈ কেনেকৈ থাকিম! |
| ৰজনী— | তুমি সেই বাৰে চিন্তাকে নকৰিবা। ভালৈ ছোৱালী
এজনী বিয়া কৰাইহে যাম। |
| মূৰ্ত্তি— | ছোৱালীনো ক'ত পাইছে? |