সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্বাৰ্থৰ সমাজ
পাম। মই এতিয়া যাও—ভাত খাবৰ - হল, স্কুললৈ যাবলৈ।
বেলু— আজি স্কুললৈ যাবলৈ এৰা; সেই বাবে একো বেয়া নহয়। অলপ দেখা শুনা কৰি আটাইকেউতা গোটখাই স্ফুৰ্টি কৰো।
নগেন— মই তেন্তে স্কুললৈ বুলি ওলাই আহোগৈ৷ মই তোমাক নন্দৰ দোকানতে লগ পাম। তুমি সিহঁতকো ৰাখিবা।
ধেনু-- বাৰু তুমি আহাগৈ; কোনো চিন্তাকে নকৰিবা। পিচে এটা কথা— আমাৰ হাতত হলে পয়চা এটিও নাই। নন্দ দোকানীয়ে উঠনা নিদিয়ে; তুমি আনিলেহে হব।
নগেন— ভয় নকৰিবা; কালি মই হাতমাৰি থৈছো। পিচে বাকচৰ পৰা বাহিৰহে কৰিব পৰা নাই।
ধেনু— কিহৰনো হাত মাৰিলা? যদি আনিব নোৱাৰিলা।
নগেন— নহয়হে বাকচৰ এচুকত থৈ দিছো, দেউতাই বিচাৰি নেপাই মোক শপত খাবলৈ কৈছিল; মই বাকচৰ পৰা অনা নাই বুলি গোঁসাই ঘৰত শপত খালো। ধৰিব নোৱাৰিলে মোকা
ধেনু— তুমি যে ভয় নকৰিলা শপত খাবলৈ।
নগেন— ভাল কৈছা। মইতো বাকচৰ পৰা টকাতো বাজ কৰি অনা নাই।