সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্বাৰ্থৰ সমাজ


ধেনু— পুনাৰাম মণ্ডলৰ ঘৰত

ওলাইছিল।কথাটো সঁচা দেও। তুমি আৰু আমাৰ লগ এৰিবা।কলিকতাৰ পৰা আহি আমাৰতো লগ নোলোৱাই; ডাঙৰ মানুহ হবা দেও। আমাক আৰু চিনি নোপোৱাই হবা।

নগেন— থোৱা, থোৱা সেইবোৰ কথা। পিছে ভাই মোক

যদি পঠিয়াই মই হলে তোমালোকলৈ কেতিয়াও নেপাহৰো।

ধেনু— তুমি যোৱাতো ঠিকেই পিচে। এদিন বহি তাচ,

পাশা খেলি ফূৰ্তি কৰা য'ক; তুমি বা আকৌ কেতিয়াকৈ আহা! অ' আৰু এটা কথা, তোমাক হেনো দেও, বিয়া কৰোৱাইহে পঠাব।

নগেন— কেলেই! কেলেই! ভাই কলিকতালৈ গলে বিয়া

কৰাতহে যাব লাগেনে কি?

ধেনু — নহয় দেও, তোমাৰ মাৰাই অকলে থাকিবলৈ

বেয়া পাব দেখি। তাতে নকও দেও।

নগেন — কোৱা, কোৱা, মোৰে শপত।
ধেনু— বোৱাৰী আনি বা কৰাই খাবলৈ বুদ্ধি কৰিছে।


নগেন— মই এতিয়াই বিয়া নকৰাও বুজিছা। মোৰ যদিও

বিয়া কৰাৰ সময় হৈছে তথাপি মই ঘুৰি আহিলেহে বিয়া কৰাম। দেউতা আইৰ কথা মতেই হবনে?

ধেনু— তেতিয়া হলে যাবলৈ নোপোৱা।
নগেন— সিও হয়! বাৰু ভাই, ঘৰততো সকলো গম