এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫
স্বাৰ্থৰ সমাজ ।
| বিচাৰক — | আচৰিত (চিঠিখন দাৰোগাক দিয়ে) হেমপ্ৰভাৰ লিখা
হয়নে গনেশক দেখুওৱা। |
| গনেশ— | হয় মোৰ তিৰোতাৰ হাতৰ আখৰেই। |
| বিচাৰক— | দাৰোগা গনেশক বন্দী কৰা, নিৰ্মল মুক্তি তুমি। |
| হীৰালাল — | ধৰ্মৰাজ মইহে দোষী।। হীৰালালৰ উন্মাদ অৱস্থা )
উস্ পাপৰ ফল কি ভয়ানক, পাপৰ প্ৰায়শ্চিত্ত হব লাগিব। আৰু কিয় দেৰী কৰে মোক শাস্তি দিয়ক। কি ভয়ানক যান্ত্ৰণা। মই সতী প্ৰমীলাক অপমান কৰিছিলো। তেওঁৰ গাত হাত দিছিলো। ধৰ্মৰাজ মই এক মুহুৰ্ত্তয়ো স্থিৰে থাকিব নোৱাৰো মোক শাস্তি দিয়ক। |
(প্ৰমীলাৰ ভৰিত ধৰে )
| মোক ক্ষমা কৰা আই, মই নেজানি তোমাক অপমান
কৰিছিলো মোক ক্ষমা কৰা। অসৎ সঙ্গৰ লগত কাম কৰা বাবে আজি মোৰ এই দশা। |
| নগেন্দ্ৰ— | ধৰ্ম্মৰাজ মইহে দোষী। হীৰালাল আৰু গনেশৰ গাত
দোষ নাই। মই জনা বুজা হৈ বাহিৰা মানুহ হীৰা- লালক উচটাই দিছিলো।প্ৰমীলা মোক ক্ষমা কৰা। (প্ৰমীলাৰ ভৰিত ধৰি ) |
| ঠগীৰাম— | ধৰ্মাৱতাৰ গনেশে তাৰ ভনীয়েকক দিব বুলি আশা
দেখুৱাই মইয়ে নগেনে কোৱাত প্ৰমীলাক ধৰি আনি তাৰ ঘৰত থৈছিলো। মোক হে দণ্ড দিয়ক। |
| বিচাৰক — | সতীৰ কি মহিমা। হে দেবী তুমি চিঠি খেলত |