সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
স্বাৰ্থৰ সমাজ।


বিচাৰক—বাৰু তোমাৰ প্ৰমীলাৰ লগত গুপ্ত প্ৰণয় থকাতো সচাঁনে?

নিৰ্ম্মল— ধৰ্ম্ম সাক্ষী কৰি কব পাৰো মোৰ কোনো গুপ্ত প্ৰণয়

প্ৰমীলাৰ লগত নাই। মই বিধবা বিবাহ সমাজত চলাবলৈ যত্ন কৰাতো সচাঁ, সেই বুলি প্ৰমীলাক মই কোনো বেয়া কথাৰে চলনা কৰা নাছিলো। তেওঁ অলশৰীয়া কৰি থকাত এদিন হীৰালালে প্ৰমীলাক হাটত ধৰা কথাতো মই গম পাওঁ। তাকে মোক প্ৰমীলাই কৈছিল। তেতিয়া ম‍ই সমাজৰ বান্ধ গুচাবলৈ দেশে বিদেশে ঘূৰি বিধবা বিবাহ কৰাবলৈ মত বিচাৰি পণ্ডিত সকলৰ ওচৰলৈ গৈছিলো।

পুৰুষোত্তম— ভাল সাধুতো বোলাইছ সঁছা কথা কৈ দে।

ধৰ্মাৱতাৰ ই সমাজ নমনা হল।

বিচাৰক— বন্দী তুমি ব্ৰাহ্মণ।
নিৰ্ম্মল— হয় ধৰ্মাৱতাৰ।
বিচাৰক — ব্ৰাহ্মণ হৈ এনে মহাপাপ কিয় কৰিব খুজিছিলা।

বিধবাৰ সতীত্ব নষ্ট কৰা বাবে তুমি দোষী তুমিয়েই যে বিধবাক লুকুৱাই থৈছা সঁছা।

গনেশ— ধৰ্ম্মৰাজ আৰু কোনে কৰিব, ইয়াক এৰি দিলে

আমালৈকো ভয়হে।

দাৰোগা— সি সৈ কাঢ়িছেই প্ৰমীলাক ৰাখিব খোজাতো সঁছা।

( এনেতে এটা পিয়নৰ প্ৰবেশ )