সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৯
স্বাৰ্থৰ সমাজ ।


প্ৰমীলাৰ লগত থকা হেমপ্ৰভাই দেখিছিল। সমাজত

ওলাই বুলি এনে কাম কৰালা। প্ৰমীলা বিধবা ছোৱালী তাইকো তুমি লুকুৱাই থৈছা। প্ৰথম তুমি লোকৰ এজনী অবলা তিৰোতাক ফেটাই দি হেমপ্ৰভাক বধ কৰা। ২য় তুমি সমাজৰ মাৰ ভাঙি বিধবাৰ ব্ৰত ভঙ্গ কৰা। তয় প্ৰমীলাক লুকাই থোৱা। এই কেইটা তোমাৰ ওপৰত অভিযোগ : যদি তুমি ভাল প্ৰমান দিব পাৰা, মুক্ত হবা। নচেৎ গুৰুত্বৰ শাস্তিৰ কাৰণে প্ৰস্তুত হোৱা।

নিৰ্ম্মল— হে ধৰ্মৱতাৰ! মই এই বোৰ একো নাজানো

আৰু মোৰ এই বিপদত কোনো সাক্ষী বাদী দিবলৈকো নাই ধৰ্মৱতাৰে যি কৰে।

গনেশ — ধৰ্ম্মৱতাৰ মোৰ ই সৰ্ব্বনাশ কৰিলে। মোৰ এবাহ

লৰা-ছোৱালী টেটুত লগাই মোৰ ঘৰখন ভাঙিলে। মোৰ তিৰোতাই ইয়াক একো কৰা নাছিল ধৰ্ম্মৱতাৰ। ই মোক খালে। ( কান্দে )


বিচাৰক — বাৰু তুমি বেজাৰ কৰিব নেলাগে। মই বিচাৰ

কৰিম।

পুৰুষোত্তম— বোপাই সমাজ নাই বুলি ভাবিছ। এনে ভাল

বংশৰ বামুণৰ লৰা হৈ সেই প্ৰমীলা ছোৱালী জনীৰ সতীত্ব নষ্ট কৰিলি। এতিয়া একো কব নোৱাৰা হৈছে। হেৰ ধৰ্ম্ম আছে মিছা কথা কত লুকাই থাকিব আমি আক বুঢ়া হলোহি এনে কথা শুনাও নাই দেখাও নাই।