সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫
স্বাৰ্থৰ সমাজ ।


ভাৰতী— আপুনি যদি হীন চৰিত্ৰ নহৈ, খাবলৈ নাপায়ো

থাকিলো হেতেন তবু মই সুখী হলোহেতেন। মই অলঙ্কাৰ পাতি বিচৰা নাছিলো। ভাল কথা কলে কিয় এনে কথা কয়। মই আপোনাক ভক্তি কৰো ভাল পাও মোক নো কিয় তাৰ পৰা বঞ্চিত কৰে। তিৰোতা স্বামীৰ অৰ্দ্ধাঙ্গিনী আপুনি পাপ বা পূণ্য কৰিলে মই ও ভোগ কৰিম।

নগেন্দ্ৰ— বাৰু মই আৰু বেয়া কাম নকৰো।
ভাৰতী— মোৰ যে বিশ্বাস নহয় আপুনি এতিয়া কৈছে

আকৌ পাহৰিব।

নগেন্দ্ৰ — ( স্বগতঃ ) কেনেকৈ বিশ্বাস কৰিব ( প্ৰকাশ্য )

বুজিছা ইয়াৰ আগলৈকে তাকে হৈছিল কিন্তু এতিয়া সেইবোৰ পৰিত্যাগ কৰিলো। তথাপি মোৰ শান্তি নাই। ভাৰতী—কিয়!

নগেন্দ্ৰ— কওঁ শুন৷ সহ। কথা কবলৈ কুণ্ঠিত নহও। পাঁপ

পথ, পাপ বাসনা সকলো পৰিত্যাগ কৰিলো। যেনেকৈ গছৰ পাত সবে, সেইদৰে মোৰো এজন দেৱতাৰ শুভ-আশীৰ্ব্বাদত মোৰ গাৰ পৰা সকলো খহি পৰিল। প্ৰকৃত্য প্ৰেম দাম্পত্য কৰ্ম্মৰ সুমধুৰ গোন্ধে মোৰ প্ৰাণত জ্বলি উঠিছে। কিন্তু সেইটো তো মোৰ সুখ নাই।

ভাৰতী— কিয়! মই যদি দোষ কৰিছো ক্ষমা কৰক, মই

আপোনাৰ দাসী।