সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
স্বাৰ্থৰ সমাজ।


সাৰিবৰ উপায় নেদেখি এতিয়া আমাৰ গাত দোষ

পেলাইছে। হেৰ মোৰ তিৰোতাই তোক কি কৰিছিল।

দাৰোগা— এতিয়া মই বুজিছো। ইয়াৰেই কাম।
গনেশ— নহলেনো কোনে মৰাৰ। এই পাষণ্ডই বুদ্ধি দি

মৰালে। [ কান্দে ]

হীৰালাল— গনেশ তুমি নেকান্দিবা। ইয়াৰ বিচাৰ দাৰোগা

বাবুৱে কৰিব।

দাৰোগা — লচমন চিং উচকো হাতকেৰি লাগাও।

থানামে লে যাও। হেৰ এতিয়াও সচা কথা ক এৰি দিম।

নিৰ্ম্মল— মই একো মিচা কথা কোৱা নাই। যই গণেশৰ

ঘৈণীয়েকক মৰা কব নোৱাৰো।

দাৰোগা— চুপ ৰহো। (চিপাহিক) উসকো যলদি লে যাও।

তই প্ৰমীলাক উলিয়াই নিদিলে হাজতত থাকিব লাগিব। তোমালোক বিচাৰৰ সময়ত হাজিৰ থাকিবা।

গনেশ— দাৰোগা বাবু চালামহে।
( দাৰোগা, চিপাহী, আৰু নিৰ্ম্মলৰ প্ৰস্থান )
হীৰালাল— হেৰা প্ৰমীলাক যদি উলিয়াব পাৰে আমাৰতো

সৰ্ব্বনাশ। তাই যে এনে কাম কৰিব মই কেতিয়াও বিশ্বাস নকৰিছিলো। এতিয়া যাওঁ বলা।

( দুয়োৰে প্ৰস্থান। )