এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্বাৰ্থৰ সমাজ ।
| মই অকলে আছিলো; ইহতি গছৰ আঁৰৰ পৰা আহি
বান্ধি পেলালেহি। মোৰ নাম নিৰ্ম্মলচন্দ্ৰ। |
| দাৰোগা— | তোমাৰ নাম নিৰ্ম্মলচন্দ্ৰ। তুমি এওঁলোকক চিনি
পোৱানে? |
| নিৰ্ম্মল— | ( হীৰালালক দেখি ) তই পাষণ্ড ইয়াতো দিনে
দিনে পাপ বঢ়াইছহে। গনেশ তুমিও মোক বান্ধিছিলা। |
| গনেশ— | ( নিমাত ) |
| নিৰ্ম্মল— | দাৰোগা বাবু এই পাষণ্ডই প্ৰমীলা অকলে ঘৰত
থাকোতে সতীত্ব নষ্ট কৰিবলৈ ধৰিছিল। |
| হীৰালাল— | হেৰ মিছা নকবি। দাৰোগা বাবু ই এতিয়া
সাৰিবৰ উপায় নাপায় যিহকে আছে তাকে কৈছে। মই উইভিং মাষ্টৰ যাৰে তাৰে ঘৰলৈ যাওৱেই। সেইটো মোৰ কামেই। (নিৰ্ম্মললৈ চাই) তই নিৰ্ম্মল সচা কথা কবি নহলে দাৰোগা বাবুৰ আগতে চৰিয়াই গাল ভাঙ্গিম। |
| দাৰোগা— | এওঁ চৰকাৰী কৰ্ম্মচাৰী: এওঁৰ কথা মিছাকৈ কব
নেপায় তুমি সচা কথা কোৱা, নহলে উপযুক্ত শাস্তি পাবা। |
| গনেশ— | বাৰুতো অ'। বুইছে, দাৰোগা বাবু ই প্ৰমীলাৰ
সৈতে একেলগে থকা মোৰ তিৰোতাক দেখা বাবে; সমাজৰ আগত কয় বুলি তাইক ফেটাই দি মোৰ মানুহজনী মাৰিলে। এতিয়া তাইক কৰবাত পলুৱাই থৈ এই বোৰ গাইছে। ভয়ত পলাই ফুৰি ধৰা পৰাত |